NORTHEAST NOW (Assamese)

পুত্ৰৰ কথা সোধাই অপৰাধ! সাংবাদিকক চোৰ আখ্যা দিলে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই

December 16, 2021 8:25 am · এন ই নাও নিউজ,গুৱাহাটী

এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ আচৰণে এতিয়া স্তম্ভিত কৰি তুলিছে সচেতন মহলক।

লখিমপুৰ খেৰীৰ কৃষক হত্যাৰ ঘটনাৰে নাম সাঙোৰ খাই পৰা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক তেওঁৰ পুত্ৰৰ বিষয়ে সাংবাদিকে প্ৰশ্ন সোধাত খঙত অগ্নি শৰ্মা হৈ পৰে মন্ত্ৰীগৰাকী।

লখিমপুৰ খেৰিত এটা অক্সিজেন প্ৰকল্প মুকলি কৰিবলৈ অহা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰক সাংবাদিকে তেওঁৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে বিশেষ তদন্তকাৰী গোটে তদন্ত চলোৱাৰ বিষয়ে প্ৰশ্ন কৰিছিল।

সাংবাদিকৰ প্ৰশ্নত হিতাহিত জ্ঞান হেৰুৱাই পলেোৱা মিশ্ৰই সাংবাদিকক চোৰ আখ্যা দিয়াৰ লগতে এজন সাংবাদিকক জোৰেৰে ঠেলা মাৰি দিয়ে।

এই ঘটনাই এতিয়া উত্তৰপ্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

মন্ত্ৰী মিশ্ৰই শাৰীৰিক ভাবে অপদস্থ কৰা এবিপি নিউজৰ সাংবাদিক নৱীন অৱস্থিয়ে কয় যে লখিমপুৰ খেৰিত মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই গাড়ীৰে মহতিয়াই কেইবা জনো কৃষকক হত্যা কৰিছিল।

মন্ত্ৰী পুত্ৰই সংঘটিত কৰা এই ঘটনাৰ তদন্তৰ ভাৰ বিশেষ তদন্তকাৰী গোটক দিয়া হৈছে।

Related News