NORTHEAST NOW (Assamese)
অসম

বিভাগ এটাৰ ব্যৱস্থাপনাৰে জৰিত মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত দেশৰ ভিতৰতে পিছ পৰি ৰৈছে অসম,মেঘালয়ত সৰ্বাধিক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 29, 2021 10:19 am

দেশত মহিলাসৱলীকৰণৰ ডংকা বজাই থকা হৈছে যদিও পুৰুষৰ তুলনাত এতিয়াও বহু ৰাজ্যত কৰ্ম সংস্থাপন লাভ কৰা মহিলাৰ সংখ্যা তেনেই তাকৰ।

শেহতীয়াকৈ পিৰিয়ডিকলেবাৰ পোৰ্চ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশৰ ৰাজ্য সমূহৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ কেইখন মান ৰাজ্য, পঞ্জাৱ আৰু অন্ধ্ৰপ্ৰদেশত মহিলা কৰ্মচাৰীৰ সংখ্যা সন্তোষজনক।

বিভাগ এটাৰ ব্যৱস্থাপনাৰ সৈতে জৰিত শাখাত নিযুক্তি পোৱা মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত মেঘালয় দেশৰ ভিতৰতে প্ৰথম স্থানত আছে। মেঘালয়ত এনেদৰে নিযুক্ত মহিলা কৰ্মচাৰীৰ শতাংশ হাৰ হৈছে ৩৪.১।

একেদৰে মিজোৰাম আৰু ছিকিমতো বহু মহিলাই বিভাগ এটাৰ ব্যৱস্থাপনাৰ সৈতে জৰিত হৈ আছে।

সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি অন্ধ্ৰপ্ৰদেশত ৩২.৩ শতাংশ, পঞ্জাৱত ৩২.১ শতংশ মহিলা বিভাগীয় ব্যৱস্থাপনাৰ সৈতে জৰিত হৈ আছে।

এই ক্ষেত্ৰত অসমৰ ছবি খন এতিয়াও অতি দুখ লগা হৈয়েই আছে।

অসমৰ মাত্ৰে ৬.৯ শতাংশ মহিলা বিভাগীয় ব্যৱস্থাপনাৰ সৈতে জৰিত হৈ আছে।

দেশৰ চৰহৰ অঞ্চলৰ ২১.৪ আৰু গাঁও অঞ্চলৰ ১৬.৪ শতাংশ মহিলা কাৰ্যালয় এটাৰ ব্যৱস্থাপনাৰ সৈতে জৰিত হৈ আছে বুলি সমীক্ষাটোত প্ৰকাশ পাইছে।

সমীক্ষাটোৰ তথ্যই প্ৰমাণ কৰিছে যে চৰকাৰে মহিলাসৱলীকৰণৰ কথা কৈ আহিলেও পিছে প্ৰকৃতাৰ্থত বহু মহিলাই এতিয়া বিভাগীয় ব্যৱস্থাপনা চম্ভালিব পৰা পদবীত অধিষ্ঠিত হোৱাৰ সুযোগ পোৱা নাই।