NORTHEAST NOW (Assamese)
Popular Stories

মাতৃৰ মমতা! ১১ বছৰীয়া কন্যা কোভিড১৯ত আক্ৰান্ত : চিকিৎসালয়ৰ সন্মুখত বাহৰ পাতিলে মাতৃয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2020 12:24 pm
index.jpg90

১১ বছৰীয়া এটি কন্যা সন্তান কোভিড১৯ আক্ৰান্ত হোৱাৰ পিছত সোমবাৰে চিকিৎসালয়ত ভর্তি কৰা হয়।

নিজ কন্যাক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত মমতাময়ী মাতৃগৰাকীয়ে চিকিৎসালয়ৰ সন্মুখতে বাহৰ পাতে।

স্বাস্থ্য বিভাগৰ কৰ্মীয়ে বহু বুজোৱা পিছতো মাতৃগৰাকী সেই স্থান এৰিবলৈ মান্তি হোৱা নাই।

ঘটনাটো কুৰুক্ষেত্ৰৰ।

কুৰুক্ষেত্ৰৰ ধনানী গাঁৱৰ এগৰাকী কিশোৰীৰ শৰীৰত মাৰাত্মক কোভিড১৯ ধৰা পৰে।

ইয়াৰ পিছত কিশোৰী গৰাকীক অকলে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ মাতৃগৰাকী অমান্তি হয়।

স্বাস্থ্য বিভাগৰ কৰ্মীয়ে মাতৃ গৰাকী বহু বুজোৱাৰ পিছত কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে।

মাতৃ গৰাকীয়ে বাৰে বাৰে নিজ কন্যাৰ ওচৰলৈ যাবলৈ চিকিৎসা কৰ্মীক আব্দাৰক কৰে।

কিন্তু চিকিৎসা কৰ্মীয়ে কোভিড১৯ ৰোগীৰ প্ৰট’কল ৰক্ষা কৰি মাতৃ গৰাকীক বাধা প্ৰদান কৰে।

উল্লেখ্য যে কোভিড১৯ ৰোগীৰ চিকিৎসাৰ প্ৰট’কল অনুসৰি ৰোগীৰ লগত ঘৰৰ কোনো মানুহ থাকিব নোৱাৰে।

ইয়াৰ পিছত দেখা গ’ল মাতৃ গৰাকীয়ে নিজ কন্যাক ভৰ্তি কৰোৱা চিকিৎসালয়খনৰ সন্মুখত বাহৰ পাতিছে।

ইফালে গাইডলাইনছ অনুসৰি কোভিড১৯ৰ সংস্পৰ্শলৈ অহা লোকক স্বাস্থ্য পৰীক্ষাৰ বাবে নমুনা গ্ৰহণ কৰিলেও চিকিৎসালয়ত ভৰ্তি কৰিব নোৱাৰে, হোম-কোৱাৰান্টেইনহে কৰা হয়।

মাতৃ গৰাকীৰ আব্দাৰ প্ৰতি অনুকম্পিত হৈ স্বাস্থ্য বিভাগে কিশোৰী গৰাকীৰ বাবে মাতৃক ঘৰৰ পৰা খাদ্য আনিবলৈ অনুমতি দিয়ে যদিও মাতৃ গৰাকীয়ে সেই প্ৰস্তাৱত সন্মত নহৈ চিকিৎসালয়ৰ সন্মুখতে বহি থাকে।

বাতৰি প্ৰস্তুত কৰা পৰলৈকে মাতৃ গৰাকীয়ে চিকিৎসালয়খনৰ সন্মুখতে বাহৰ পাতি আছে বুলি জানিব পৰা গৈছে।

জিলা স্বাস্থ্য বিষয়া ডাঃ সুখবীৰয়ে মাতৃ গৰাকীক ঘৰৰ খাদ্য যোগান ধৰিবলৈ অনুমতি দিয়াৰ লগতে কিশোৰীগৰাকী লগত এগৰাকী ষ্টাফ নাৰ্ছ প্ৰতি মুহূতৰ্তে থাকিবলৈ নিৰ্দেশ দিছে।