NORTHEAST NOW (Assamese)

জোৱানো সাৰি যোৱা নাই পাটাছাৰকুছিত, ছহেজাৰ টকা জৰিমনা ||মটৰ বাহন আইন

September 28, 2019 5:54 pm · আনিছুজ জামান
তালাচী চলোৱাৰ সময়ত পাটাছাৰকুছি আৰক্ষী। ছবি- নৰ্থইষ্ট নাও।

মটৰ বাহন আইন ২০১৯ অসমত বলবৎ হোৱাৰ পিছৰে পৰাই আৰক্ষী আৰু পৰিবহণ বিভাগে ইয়াক ৰূপায়িত কৰাৰ ক্ষেত্ৰত পাৰ্যমানে চেষ্টা চলাই আছে।

বৰপেটা জিলাৰ পাটাছাৰকুছিতো যোৱা ২৪ ছেপ্তেম্বৰত এগৰাকী চি আই এছ এফ জোৱানক আৰক্ষীয়ে জৰিমনা ভৰোৱাইছে।

হেলমেট আৰু লাইচেঞ্চ অবিহনে এ এছ ২৫ পি ৪২৩০ নম্বৰৰ  স্কুটি এখন চলোৱাৰ অপৰাধত কপিল দাস নামৰ জোৱানজনক ছহেজাৰ টকাৰ জৰিমনা বিহিছে পাটাছাৰকুছি আৰক্ষীয়ে।

পাটাচাৰকুচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীয়ে জনোৱা মতে আইনৰ ক্ষেত্রত কোনো লোক সাৰি যাব নোৱাৰে আৰু অধিক তেওঁলোক অধিক কঠোৰ হ’ব।

আনহাতে, শনিবাৰেও পাটাছাৰকুছি আৰক্ষীয়ে আইন ভংগকাৰী ব্যৱসায়ী এজনক জৰিমনা বিহিছে।

এ এছ ১৪ চি ৭৩৯৩ নম্বৰ মটৰ চাইকেলেৰে ছফিকুল আলী ব্যৱসায়ীজনে বৰপেটাৰ পৰা নলবাৰী অভিমুখে গৈ থকা অৱস্থাত পাটাচাৰকুছিত আৰক্ষীয়ে তালাচি চলাই লাইচেঞ্চ নথকাৰক কথা পোহৰলৈ আনে।

ব্যৱসায়ীজনক পাঁচ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে।

Related News