NORTHEAST NOW (Assamese)
অসম

থলুৱা ভাষাক লৈ গৱেষণাৰ উদ্যোগ, বুজাবুজিৰ চুক্তি য়ু এছ টি এম-সাহিত্য সভাৰ

Posted by: এন ই নাও নিউজ September 28, 2018 10:40 pm

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা ভাষাসমূহৰ বিষয়ে তথ্য সংগ্ৰহ আৰু গৱেষণা কৰিবলৈ আগবাঢ়িছে অসম সাহিত্য সভা। এই ক্ষেত্ৰত কাম কৰাৰ বাবে সাহিত্য সভাই শুকুৰবাৰে ইউনিভাৰ্ছিটি অৱ চায়েন্স এণ্ড টে’কনলজি মেঘালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

‘বিভিন্ন জনগোষ্ঠীপ্ৰধান অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য, সংস্কৃতি, ঐতিহ্যৰ বৈচিত্ৰ্যময় ক্ষেত্ৰখনত একেলগে কাম কৰাৰ উদ্দেশ্যে তথা থলুৱা ভাষাসমূহৰ ওপৰত তথ্য সংগ্ৰহ আৰু গৱেষণা কৰাৰ অৰ্থে অসম সাহিত্য সভাই আজি ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকনলজি, মেঘালয়ৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে,’ নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰিত যৌথ বিবৃতিত প্ৰকাশ সভা আৰু বিশ্ববিদ্যালয়ৰ।

চুক্তি অনুসৰি সভাৰ দুগৰাকী প্ৰাক্তন সভাপতি মহেশ্বৰ নেওগ আৰু চৈয়দ আব্দুল মালিকৰ জীৱন-কৃতি বিষয়ত গৱেষণা কৰাৰ বাবে দুটা ফেল’শ্বিপ আগবঢ়োৱা হ’ব।

আনহাতে থলুৱা ভাষাসমূহৰ ৰক্ষণাৱেক্ষণ, সংৰক্ষণ আৰু পুনৰুজীৱিতকৰণৰ বাবে বিশ্ববিদ্যালয়খনে আৰম্ভ কৰিব ডাইৰেক্তৰে’ট অৱ লেংগুৱেজ এণ্ড কালচাৰেল ষ্টাডিজ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য নিৰ্মল কুমাৰ চৌধুৰী, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা০ ধ্ৰুৱজ্যোতি বৰা, মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীৰ লগতে সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত চুক্তিখনত স্বাক্ষৰ কৰে ব্যক্তিগত বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য মহববুল হক আৰু সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।