NORTHEAST NOW (Assamese)
অসম

‘ৰাজপথৰ আন্দোলন ধ্বংসমুখী’, মন্তব্য প্ৰাক্তন ছাত্ৰ নেতা, মন্ত্ৰী পাটোৱাৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 20, 2019 10:55 pm
Chandra Mohan Patowary File Photo

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি আন্দোলন প্ৰতিবাদ কৰিছে অসমৰ বিভিন্ন দল-সংগঠন। সেই সময়তে এসময়ৰ ছাত্ৰ নেতা তথা অসম আন্দোলনকাৰী নেতা চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজপথৰ আন্দোলনবোৰ ‘ধ্বংসমুখী’ আখ্যা দিছে।

যুৱ উদ্যোগীসকলক উৎসাহিত কৰাৰ বাবে দেওবাৰে আৰম্ভ কৰা ষ্টাৰ্ট আপ-দ্যা নেষ্টৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰসংগক্ৰমে কয়, ‘যুৱ-প্ৰজন্মই উদ্যোগমুখী হৈ এক আন্দোলনৰ সৃষ্টি কৰিব পাৰে। কিন্তু অসমত আৰু এবিধ আন্দোলন আছে, সেয়া হৈছে ৰাজপথৰ আন্দোলন। উদ্যোগমুখী আন্দোলন সৃষ্টিশীল আৰু ৰাজপথৰ আন্দোলন ধ্বংসমুখী।‘

ইয়াৰোপৰি ৰাজপথৰ আন্দোলনসমূহে একো নতুন ‘আৱিস্কাৰ’ নকৰে বুলি মন্তব্য কৰি তেওঁ কয় ‘ষ্টাৰ্টআপৰ জৰিয়তে এখন সৰু টেবুলত বহি ১০ লাখৰো অধিক যুৱকৰ নিয়োগ সৃষ্টি কৰিব পাৰিব। কিন্তু ৰাজপথৰ আন্দোলনে সকলোবোৰ ধ্বংস কৰে।‘

অনুষ্ঠানটোত উপস্থিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তেওঁ প্ৰশংসাৰে ওপচাই পেলায়।

‘মই ১৯৮৫চনৰ পৰা ৰাজনীতিত আছো, মই বহুকেইজন প্ৰধান মন্ত্ৰী আৰু বহুকেইগৰাকী মুখ্য মন্ত্ৰীৰ সৈতে একেবাৰে ওচৰা-উচৰিকৈ কাম কৰিছো। তাৰ ভিতৰত সৰ্বানন্দ সোণোৱাল মোৰ জীৱনৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ মুখ্য মন্ত্ৰী।‘

সোণোৱালৰ নেতৃত্বতে ‘ষ্টাৰ্টআপ’ কাৰ্য্যসূচী সম্ভৱ হোৱা বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে চৰকাৰে স্থাপন কৰা অসম ষ্টাৰ্ট আপ দ্য নেষ্ট শীৰ্ষক কেন্দ্ৰ মুকলি  কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আই আই এম, কলকাতা ইন’ভেশ্বন পার্কৰ সহযোগত অসম চৰকাৰে এই কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰ মূল উদ্দেশ্য ৰাজ্যৰ ষ্টাৰ্টআপৰ বাবে এটা পৰিৱেশ গঢ়ি তোলা আৰু উঠি অহা উদ্যোগীসকলক উৎসাহিত কৰি সহায়ৰ হাত আগবঢ়োৱা।