NORTHEAST NOW (Assamese)

কোভিড চিকিৎসালয়ত নিজৰ কাপোৰ নিজে ধুইছে মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে

July 28, 2020 2:45 pm · এন ই নাও নিউজ
শিৱৰাজ সিং চৌহান

কোভিড-১৯ প’জিটিভ হোৱাৰ পাছত চিকিৎসাধীন হৈ থকা মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে চিকিৎসালয়ত নিজৰ কাপোৰ নিজে ধুইছে বুলি প্ৰকাশ কৰে।

”চিকিৎসালয়ত মই নিজৰ কাপোৰ নিজে ধুইছো আৰু এই কামে মোক প্ৰচুৰ লাভৱান কৰিছে। বিগত বহুসময় ধৰি মই ফিজিঅ’থেৰাপি গ্ৰহণ কৰি থকাৰ পাছতো হাতৰ সমস্যাত ভূগি আছিলো কিন্তু এতিয়া মই যথেষ্ট সকাহ অনুভৱ কৰিছো,” মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়।

উল্লেখযোগ্য যে, কোভিড-১৯ প’জিটিভ চিনাক্ত হোৱাৰ পাছৰে পৰা মুখ্য মন্ত্ৰী চৌহান চিকিৎসাধীন হৈ আছে।

দেশৰ প্ৰধান মন্ত্ৰীৰ লগতে গৃহ মন্ত্ৰী আৰু অন্যান্য মন্ত্ৰী সকলে চৌহান অতিসোনকালে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰিছে।

ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰ আন এগৰাকী আগশাৰীৰ বিজেপি নেতা জ্যোতিৰাদিত্য সিদ্ধিয়া আৰু তেওঁৰ মাতৃ কোভিড-১৯ প’জিটিভ হৈছিল।

কিছুদিন চিকিৎসা গ্ৰহণ কৰাৰ পাছত সিন্ধিয়া আৰু তেওঁৰ মাতৃ আৰোগ্য হৈ উঠিছিল।

Related News