NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ নেতা সকলে ৰাম মন্দিৰৰ নামত অৰ্থ সংগ্ৰহ কৰে আৰু সেই টকাৰে সুৰাপান কৰে, কংগ্ৰেছ বিধায়কৰ বিতৰ্কিত মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 4:49 pm

বিজেপি নেতা সকলে ৰাম মন্দিৰৰ নামত অৰ্থ সংগ্ৰহ কৰে আৰু সেই টকাৰ অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মধ্যপ্ৰদেশৰ এগৰাকী কংগ্ৰেছী বিধায়কে।

বিজেপি নেতা সকলে ৰাম মন্দিৰৰ নিৰ্মাণৰ নামত অৰ্থ সংগ্ৰহ কৰে আৰু সেই টকাৰে মদ খাই বুলি অভিযোগ আনিছে মধ্যপ্ৰদেশৰ কংগ্ৰেছ বিধায়ক কান্তিলাল ভুৰীয়াই।

‘‘বিজেপি নেতা সকলে বহু বছৰ ধৰি ৰাম মন্দিৰ নিৰ্মাণৰ নামত হাজাৰ হাজাৰ কোটি টকা সংগ্ৰহ কৰি আছে। বৰ্তমান সেই টকাবোৰ ক’লৈ গ’ল?,’’ বিধায়ক ভুৰীয়াই কয়।

ভুৰীয়াই ৰাম মন্দিৰৰ টকাৰে বিজেপিৰ নেতাই মদ খোৱা বুলি কৰা বিতৰ্কিত মন্তব্যৰ পাছতে ৰাজ্যখনৰ বহুকেইগৰাকী বিজেপি নেতাই ভুৰীয়াক উভতি ধৰে।

মধ্যপ্ৰদেশৰ মন্ত্ৰী বিভাষ চাৰাঙে ভুৰীয়াৰ মন্তব্যক চৰম দুৰ্ভাগ্যজনক আৰু লজ্জ্যাজনক আখ্যা দিয়াৰ লগতে ভুৰীয়াৰ এগৰাকী দায়িত্বজ্ঞানহীন ব্যক্তি বুলি কয়।

উল্লেখযোগ্য যে, অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰ্তমান সময়ত বিজেপিকে ধৰি বিশ্ব হিন্দু পৰিষদ আদি দলে সমগ্ৰ দেশ জুৰি অৰ্থ সংগ্ৰহ অভিযান আৰম্ভ কৰিছে।

কেন্দ্ৰ চৰকাৰে ৰাইজৰ দান-বৰঙণিৰে ৰাম মন্দিৰ নিৰ্মাণ হ’ব বুলি ঘোষণা কৰাৰ পাছতে সমগ্ৰ দেশত এই অভিযান আৰম্ভ কৰা হৈছিল।