NORTHEAST NOW (Assamese)

যোগৰ জৰিয়তে টীয়কৰ যুৱক মৃদুপৱনে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱ

June 29, 2021 6:28 pm · নিৰ্মলেন্দু পাঠক
মৃদুপৱন শইকীয়া। ফটো: নৰ্থইষ্ট নাও।

যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ হাবি গাঁৱৰ মৃদুপৱন শইকীয়া নামৰ এজন যুৱকে ৰচিছে সফলতাৰ কাহিনী ৷ অতি দৰিদ্ৰ তথা সাধাৰণ পৰিয়ালৰ এইজন যুৱকে যোগাভ্যাসৰ যোগদি টীয়কৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

টীয়কৰ দৰে এখন ঠাইত য’ত ক্ৰীড়া ক্ষেত্ৰৰ আন্ত:গাঁথনি একেবাৰে দুৰ্বল, এখন উন্নত মানৰ খেলপথাৰৰ অভাৱ সেইখন টীয়কৰ গ্ৰাম্যাঞ্চলৰ এইজন যুৱকে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে কেৱল সামাজিক মাধ্যম তথা ইউ টিউৱত চাই চাই আয়ত্ব কৰা যোগাভ্যাসেৰে সকলোকে আকৰ্ষণ কৰিছিল।

শেহতীয়াকৈ হাৰিয়ানাৰ এক যোগাসন সম্বন্ধীয় সৰ্বভাৰতীয় পৰ্য্যায়ৰ অনুষ্ঠান গিচাৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অনলাইন যোগে এক যোগাসনৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল য’ত বিশ্বৰ মুঠ আঠখন ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

ভাৰত, ইউনাইটেড কিংডম, ভিয়েটনাম,পাকিস্তান, ভূটান, নেপাল, মালায়েচিয়া, ছিংগাৰপুৰৰ মুঠ ২৬ হাজৰ প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু এই প্ৰতিযোগিতাত মৃদুপৱনে “বিপৰীত ত্ৰিটিভাসন” এই দুসাহসী আসনটো সৰ্বাধিক ২৬ মিনিট কৰি “হাই ৰেঞ্জ বুক অব ৱল্ড ৰেকৰ্ড” (High range book of world record) গঢ়িবলৈ সক্ষম হয়।

এইদৰে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনি সকলোকে গৌৰৱাম্বিত কৰি তুলিছে মৃদুপৱনে।

Related News