NORTHEAST NOW (Assamese)

এম এছ ধোনী এগৰাকী ভাল ফুটবলাৰো আছিল : জেজে লালপেখুলাই

August 16, 2020 7:31 pm · এন ই নাও নিউজ
Updated: August 16, 2020 7:36 pm

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনী ফুটবল খেলতো ভাল আছিল বুলি মন্তব্য কৰিছে ভাৰতীয় ফুটবল দলৰ ষ্ট্ৰাইকাৰ জেজে লালপেখলুৱাই।

জেজে ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ চেন্নাইন এ্ফ চি দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ।

ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক হিচাপে পৰিচিত ধোনীয়ে অৱসৰ লোৱাৰ এদিন পিছতেই জেজেই ধোনীৰ সৈতে থকা এটা স্মৃতি সুৱঁৰি কয় যে ‍তেওঁ ফুটবল খেলি ভাল পায়। যেতিয়া আমি অনুশীলন চলাও তেতিয়া তেওঁ আমাৰ স’তে খেলত যোগ দিছিল।

তেওঁ লগতে কয় যে ধোনী যেতিয়া সৰু আছিল তেতিয়া তেওঁ ফুটবল খেলিছিল আৰু এই খেলবিধৰ সম্পূৰ্ণ জ্ঞান আছিল তেওঁৰ।

‍‘স্কুলত থাকোতে তেওঁ গ’লকীপাৰ আছিল। কিন্তু যেতিয়া তেওঁ খেলিছিল, প্ৰমাণ কৰি দিছিল তেওঁৰ দুভৰিৰ স্কিল’, জেজেই এইদৰে কয়।

সঁচা কথা ক’বলৈ গ’লে তেওঁ ফুটবলত যথেষ্ট ভাল বুলিও জেজেই মন্তব্য কৰে।

Related News