NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পেলেষ্টাইনত ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2022 7:31 am
India's Palestine Envoy Found Dead

পেলেষ্টাইনস্থিত ভাৰতীয় মিছনৰ ভিতৰত দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অভিজ্ঞ কূটনীতিবিদ জনৰ কিদৰে মৃত্যু হয় এই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কূটনীতিবিদজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। “ৰামাল্লাত ভাৰতৰ প্ৰতিনিধি মুকুল আৰ্যৰ মৃত্যুৰ বিষয়ে জানি গভীৰভাৱে হতবাক হৈছো।”—এটা টুইট যোগে জয়শংকৰে কয়।

আনহাতে কৰ্মক্ষেত্ৰতে মৃত্যু হোৱা ৰাষ্ট্ৰদূতজনৰ মৃত্যুত পেলেষ্টাইনৰ শীৰ্ষ নেতৃত্বয়ো শোক প্ৰকাশ কৰিছে। পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ৰাষ্ট্ৰদূত আৰ্যৰ মৃত্যুৰ বাতৰিটো পাই মন্ত্ৰালয় অতি আচৰিত আৰু হতবাক হৈ পৰিছে।

পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰী ৰিয়াদ আল-মালিকীয়ে ভাৰতীয় বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে যোগাযোগ কৰি তেওঁৰ জৰিয়তে ভাৰত চৰকাৰৰ লগতে আৰ্যৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে বুলিও মন্ত্ৰালয়ে সদৰি কৰিছে।

লগতে আৰ্যৰ মৃতদেহ ভাৰতলৈ কঢ়িয়াই অনাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ পেলেষ্টাইনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে মৃত মুকুল আৰ্যই মস্কোৰ কাবুলত থকা ভাৰতীয় দূতাবাসৰ লগতে দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ত সেৱা আগবঢ়াইছিল।

তেওঁ পেৰিছত ইউনেস্কোত ভাৰতৰ স্থায়ী প্ৰতিনিধি দলৰো অংশীদাৰ আছিল।