NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড ৰোগীক অক্সিজেন যোগান ধৰিবলৈ ২২ লাখ টকীয়া কাৰ বিক্ৰী কৰি দিলে এইজন যুৱকে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2021 6:07 pm
মহামাৰীৰ বিভীষিকাৰ মাজতে এক মানৱীয় কৰ্মৰে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে মুম্বাইৰ এজন যুৱকে।

শ্বাহনাৱাজ শ্বেইখ নামৰ যুৱকজনে তেওঁৰ স্থানীয় বাসিন্দাসকলক অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিবলৈ তেওঁৰ ছুভ (SUV) ব্ৰেণ্ডৰ বিলাসী কাৰখন বিক্ৰী কৰি দিয়ে।

কাৰখনৰ মূল্য হৈছে ২২ লাখ টকা।

মুম্বাইৰ মালাড় অঞ্চলৰ বাসিন্দা যুৱকজনে কাৰখন বিক্ৰী কৰি লাভ কৰা টকাসমূহ অক্সিজেনৰ অভাৱ পূৰণ কৰিবৰ বাবে চিকিৎসালয়সমূহক দান কৰে।

তদুপৰি তেওঁ এটা নিয়ন্ত্ৰণ কক্ষ প্ৰস্তুত কৰিছে, য’ত ক’ভিডত আক্ৰান্ত লোকসকলক সহায় কৰিবৰ বাবে এটা হেল্পলাইন নাম্বাৰৰ ব্যৱস্থা কৰিছে।

দলটোৱে ৰাতিয়ে দিনে নিয়ন্ত্ৰণ কক্ষটোত কাম কৰি আহিছে।

প্ৰতিদিনাই দলটোৱে ৫০০তকৈও অধিক ফোন কল লাভ কৰা বুলি জানিব পৰা গৈছে।

ছুভ (SUV)খন বিক্ৰী কৰি যুৱকজনে ১৬০টাৰো অধিক অক্সিজেল চিলিণ্ডাৰৰ যোগান ধৰিবলৈ সক্ষম হয়।

বিনামূলীয়াকৈ তেওঁ ৪,০০০ৰো অধিক লোকক এই পৰ্যন্ত সহায় কৰিছে।

তেওঁৰ এই কৰ্মৰাজী সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে।

অসংখ্য লোকে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে।