NORTHEAST NOW (Assamese)
অসম

ভুৱা বিজ্ঞানী গ্ৰেপ্তাৰ, উদ্ধাৰ পাৰমাণৱিক তথ্যৰ নথি আৰু ১৪খন মানচিত্ৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 30, 2025 3:06 pm

শেহতীয়াকৈ মুম্বাইত গ্ৰেপ্তাৰ কৰা হৈছে দেশৰ প্ৰধান পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ভাৱা এটমিক ৰিচাৰ্চ চেণ্টাৰ (BARC)ৰ এজন ভুৱা বিজ্ঞানীক। এই ঘটনাত এইবাৰ সকলো গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।

মুম্বাই আৰক্ষীয়ে সন্দেহজনক লোকজনৰ পৰা কেইবাখনো পাৰমাণৱিক তথ্যৰ নথি আৰু ১৪খন মানচিত্ৰ উদ্ধাৰ কৰিছে। এই নথিসমূহত কোনো স্পৰ্শকাতৰ বা গোপনীয় পাৰমাণৱিক তথ্য আছে নেকি সেইটো নিৰ্ণয় কৰিবলৈ এতিয়া পৰীক্ষা চলাই থকা হৈছে।

খবৰ অনুসৰি যোৱা সপ্তাহত ভাৰ্ছ’ভাৰ পৰা আখতাৰ কুতুবুদ্দিন হুছেইনীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ নিজকে বিজ্ঞানী বুলি পৰিচয় দিয়ে। অৱশ্যে তদন্তত প্ৰকাশ পাইছে যে তেওঁ বিভিন্ন সময়ত নিজৰ পৰিচয় দিবলৈ বিভিন্ন নাম ব্যৱহাৰ কৰিছিল।

তেওঁৰ পৰা কেইবাখনো ভুৱা পাছপ’ৰ্ট, আধাৰ আৰু পেন কাৰ্ড উদ্ধাৰ কৰা হয়। ইয়াৰ লগতে উদ্ধাৰ হৈছে এখন ভুৱা BARC ID। এখন আইডিত তেওঁক আলী ৰাজা হুছেইন বুলি চিনাক্ত কৰাৰ বিপৰীতে আনখন আইডিত তেওঁক আলেকজেণ্ডাৰ পামৰ বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা কেইমাহমানৰ ভিতৰত হুছেইনীয়ে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ফোন কৰিছে আৰু তেওঁৰ কলৰ ৰেকৰ্ড আৰু অধিক পৰীক্ষা কৰি থকা হৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ বিদেশী নেটৱৰ্কৰ সৈতে যোগাযোগত আছিল। হুছেইনীয়ে হয়তো বিদেশলৈ পাৰমাণৱিক তথ্য সৰবৰাহৰ চেষ্টা কৰিছিল।

তদন্তত হুছেইনীৰ পৰিচয় সলনি কৰি ছদ্মবেশত বসবাস কৰি থকাৰ দীৰ্ঘ ইতিহাস পোহৰলৈ আহিছে। ২০০৪ চনত ডুবাইৰ পৰা তেওঁক বিতাড়িত কৰা হৈছিল। তেওঁক বহিষ্কাৰ কৰাৰ পিছতো তেওঁ ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি ডুবাই, তেহৰাণ আদি ঠাইলৈ যাত্ৰা কৰিছিল।

জানিব পৰা মতে আখতাৰ মূলতঃ জামছেদপুৰৰ। শেহতীয়াকৈ দিল্লীত তেওঁৰ ভাতৃ আদিলক গ্ৰেপ্তাৰ কৰা হৈছিল। দুই ভাতৃয়ে ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি কেইবাবাৰো বিদেশলৈ যোৱাৰ কথা জানিব পৰা গৈছে। ইফালে এই ভুৱা পাছপ’ৰ্ট বনোৱাৰ বাবে আৰক্ষীয়ে মুনাজিল খান আৰু তেওঁৰ ভাতৃ ইলিয়াছ খানক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলাইছে।