NORTHEAST NOW (Assamese)
অসম

জাল টি আৰ পিৰ গোচৰত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক প্ৰশ্ন কৰিব মুম্বাই আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2020 9:47 pm

ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠাপক অৰ্ণৱ গোস্বামীক শীঘ্ৰে মুম্বাই আৰক্ষীয়ে জাল টি আৰ পিৰ গোচৰত প্ৰশ্ন কৰিব বুলি পৰম বীৰ সিঙে কয়।

বৃহস্পতিবাৰে মুম্বাইত এখন সাংবাদমেল সম্বোধন কৰি সিঙে কয় যে, ৰিপাব্লিক মিডিয়াৰ ৰিপাব্লিক ভাৰতৰ বিগত সময়ছোৱাত টি আৰ পি আচৰিত ধৰণে বৃদ্ধি পাইছে যিটো সন্দেহজনক।

ভাৰতৰ টেলিভিশ্যন চেনেল সমূহক টি আৰ পি ৰেটিংছ দিয়া বাৰ্কে( বি এ আৰ চি) ইয়াৰ পূৰ্বেও ৰিপাব্লিক টিভিয়ে টি আৰ পি পদ্ধতিটোক বিকৃত কৰাৰ সন্দেহ ব্যক্ত কৰিছিল।

মুম্বাই আৰক্ষীৰ সঞ্চালক গৰাকীয়ে ৰিপাব্লিক টিভিয়ে টি আৰ পিৰ তথ্য বিকৃত কৰাৰ বুলি বাৰ্কে তেওঁলোকক অভিযোগ কৰা বুলি উল্লেখ কৰে।

‘‘আমি সন্দেহ প্ৰকাশ কৰিছো যে যদি এয়া মুম্বাইত সম্ভৱ হয় তেন্তে দেশৰ অন্য প্ৰান্তত এনে হ’ব পাৰে,’’ সিঙে লগতে কয়।

‘‘ৰিপাব্লিক টিভিৰ সঞ্চালক, প্ৰচাৰকক আৰক্ষী থানালৈ মতা হ’ব আৰু এই সম্বন্ধে প্ৰশ্ন কৰা হ’ব,’’ পৰম বীৰ সিঙে পুনৰ কয়।