NORTHEAST NOW (Assamese)

মুম্বাইৰ হোটেল তাজ উৰুৱাই দিয়াৰ ভাবুকি; পাকিস্তানৰ পৰা আহিছিল ফোনকল

June 30, 2020 10:42 am · এন ই নাও নিউজ
ফটো উৎস: উইকিপিডিয়া

মুম্বাইৰ বিখ্যাত হোটেল তাজ উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ বাতৰি আহিছে। ফোনৰ জৰিয়তে এই ভাবুকি দিয়াৰ কথা জানিব পৰা গৈছে।

বাতৰি অনুসৰি, এই ফোনকল কালি মাজনিশা ১২.৩০বজাত পাকিস্তানৰ পৰা কৰা হৈছিল।

পাকিস্তানৰ পৰা অহা এনে ভাবুকিভৰা ফোনকলৰ পাছতেই সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

মাজনিশা হোটেল তাজ পেলেচৰ কৰ্মচাৰীয়ে এই ফোনকল ৰিচিভ কৰিছিল।

কল কৰা ব্যক্তিজনে নিজকে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই তৈবাৰ সদস্য বুলি পৰিচয় দিছিল।

কল কৰা ব্যক্তিজনে কয় যে ২০০৮চনত কৰাৰ দৰে তেওঁলোকৰ লোকৰ দ্বাৰা হোটেলখনত আক্ৰমণ চলোৱা হ’ব।

উল্লেখ্য যে মুম্বাইৰ এই হোটেলখন ২৬/১১ৰ সেই ভয়ংকৰ আক্ৰমণৰ বলি হৈছিল।

ভাৰতৰ ইতিহাসত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে বিবেচিত হোৱা সেই ঘটনাত ১৬৬জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৩০০তকৈয়ো অধিক লোক আহত হৈছিল।

২০০৮ৰ ২৬ নৱেম্বৰত অত্যাধুনিক অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত পাকিস্তানৰ লস্কৰ-ই তৈবাৰ ১০জন সন্ত্ৰাসবাদীয়ে এই ভয়ংকৰ আক্ৰমণটো সংঘটিত কৰিছিল।

Related News