NORTHEAST NOW (Assamese)
অসম

মুনীন বৰকটকী স্মাৰক ন্যাসৰ ফেলশ্বিপ : লেখক-লেখিকাৰ পৰা পাণ্ডুলিপিৰ আহ্বান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 13, 2025 3:06 pm

২০২৫ বর্ষৰ পৰা মুনীন বৰকটকী স্মাৰক ন্যাসে মৌলিক পাণ্ডুলিপি লিখাৰ কাৰণে ফেলশ্বিপ প্রদানৰ বাৰস্থা আৰম্ভ কৰিছে।  উচ্চ-মানৰ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্রস্তুত কৰা পাণ্ডুলিপিৰ বাবে তিনিগৰাকী লেখকক এই ফেলশ্বিপ প্ৰদান কৰা হ’ব।

এই ফেলশ্বিপৰ বাবে অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতি বিষয়ক পাণ্ডুলিপি বিচৰা হৈছে। এই পাণ্ডুলিপি ইংৰাজী বা অসমীয়া ভাষাত লিখা হ’ব লাগিব।

২০২৫ চনৰ ১ জানুৱাৰীলৈকে ৫০ বছৰৰ অনুদ্ধ ভাৰতীয় নাগৰিক এই ফেলশ্বিপৰ বাবে যোগ্য বিবেচিত হব।

প্রতিগৰাকী নির্বাচিত আবেদনকাৰীক ১৮ মাহত ৪ টা কিস্তিত প্রদান কৰিবলগীয়া এই ফেলশ্বিপৰ পৰিমাণ হৈছে ১ লাখ ২০ হাজাৰ টকা।

ইচ্ছুক ব্যক্তিসকল সম্পূর্ণ যোগাযোগ ঠিকনা, বয়সৰ প্রমাণ আৰু দুগৰাকী বিশিষ্ট ব্যক্তিৰ পত্ৰৰ সৈতে লিখাৰ নমুনা(২০০০ শব্দৰ ভিতৰত) পঞ্চবটী, গুৱাহাটীতস্থিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ কার্যালয়ত ১৫ অক্টোবৰ ২০২৫ৰ ভিতৰত জমা দিব লাগিব।

অধিক বিৱৰণৰ বাবে ন্যাসৰ ৱেবচাইট http://www.meishorkotoki.org/ ত চাব পাৰিব।