পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে ‘লিভ ইন’ত থকা যুৱতীক হত্যা, পিতৃ আৰু জ্যেষ্ঠ ভাতৃক গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে থাকি, পৰিয়ালৰ বিৰুদ্ধে যোৱাৰ অভিযোগত উত্তৰ প্ৰদেশৰ এগৰাকী যুৱতীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত মৃতকৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে।
আৰক্ষীয়ে জনোৱা মতে, যোৱা ৩ জুনত সৰস্বতী মালিয়ান নামৰ এগৰাকী যুৱতীৰ আংশিকভাৱে জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয়। তাৰ পাছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে তেওঁ পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰেমিকৰ সৈতে বাস কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে মৃতকৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃক গ্ৰেপ্তাৰ কৰে। দেওবাৰে নিশা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।
উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ আৰক্ষী বিষয়া সঞ্জয় কুমাৰে জনোৱা মতে, আৰক্ষীৰ জেৰাৰ সময়ত মৃতকৰ পিতৃ ৰাজবীৰ সিং আৰু জ্যেষ্ঠ ভাতৃক সুমিত কুমাৰে দোষ স্বীকাৰ কৰি গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ২৯ মে’ত অভিযুক্ত দুজনে সৰস্বতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল।তাৰ পিছত মৃতদেহটো জ্বলোৱাৰ চেষ্টা কৰা হৈছিল।
ইফালে, জানিব পৰা মতে, ২০১৯ চনত প্ৰথমবাৰৰ বাবে সৰস্বতীৰ পৰিয়ালে বিবাহপাশত আবদ্ধ হৈছিল। সেই বিবাহ বিচ্ছেদ হ’লে ২০২২ চনত পৰিয়ালৰ লোকে পুনৰ বিবাহপাশত আবদ্ধ হয়।সেই বিবাহো ভাঙি গ’ল। ইয়াৰ পিছত সৰস্বতীয়ে প্ৰেমিকৰ লগত থাকিবলৈ সিদ্ধান্ত লয়। কিন্তু কন্যাৰ সিদ্ধান্ত মানি ল’ব নোৱাৰিলে পৰিয়ালৰ লোকে। ইয়াৰ পিছত ৰাজবীৰে নিজৰ জীক পৃথিৱীৰ পৰা আঁতৰাই নিয়াৰ সিদ্ধান্ত লয়।