NORTHEAST NOW (Assamese)

অসমৰ সংগীতজ্ঞ টনী বসুমতাৰীলৈ জিঅ’ ফিল্মফেয়াৰ বঁটা-২০১৮

October 15, 2018 4:44 pm · এন ই নাও নিউজ

অসমৰ গীটাৰবাদক, সুৰকাৰ টনী বসুমতাৰীলৈ জিঅ’ ফিল্মফেয়াৰ বঁটা-২০১৮ আগবঢ়োৱা হৈছে। মাৰাঠা ভাষাৰ হৰৰ চলচ্চিত্ৰ লাপাচিপিত সংগীত পৰিচালক ৰঞ্জন পটনায়ক আৰু উৎকৰ্ষ ধোতেকাৰৰ সৈতে সংগত কৰা নেপথ্য সংগীতৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে।

লাপাচি হৈছে এখন হৰৰ চলচ্চিত্ৰ য’ত মানহৰ কেতবোৰ পুৰণিকলীয়া অপকৰ্মক তুলি ধৰা হৈছে। চিনেমাখন প্ৰযোজনা কৰিছে অৰুণা ভাট আৰু জিতেন্দ্ৰ পাটিলে। চলচি্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে বিক্ৰম গাইকোৱাড়, উষা নাইক আৰু পূজা স্বান্তে।

উল্লেখ্য যে ব্ৰুকলীন, হাডছন আৰু মাদ্ৰিদ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱা লাপাচিপি হৈছে প্ৰথম ভাৰতীয় হৰৰ চলচ্চিত্ৰ।

বসুমতাৰীয়ে দূৰণিৰ নিৰলা পঁজা, লোকেল কুংফু আৰু লোকেল কংফু-২ আদি অসমীয়া চলচ্চিত্ৰত সংগীত সৃষ্টি কৰিছে।

অসমীয়া চলচ্চিত্ৰৰ উপৰিও তেওঁ ডংগল, ভালে মানচি ৰাজু, পুনে-৫২ আদি চলচ্চিত্ৰতো সংগীত দিছে।

গায়কগৰাকী ২০০৪ চনৰ পৰা মুম্বাইত বাস কৰি আছে।

Related News