NORTHEAST NOW (Assamese)
অসম

কেবক লৈ অসন্তুষ্ট মুছলমান দেশ; পাকিস্তানৰ সৈতে একেশাৰীতে ৰখাত প্ৰশ্ন আফগানিস্তানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 4:30 pm
3-555_090919113906_121219111942 6

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ বুধবাৰে ৰাজ্যসভাত গৃহীত হয়। বিধেয়কখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বাবে ভাৰতলৈ অহা সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে।

বিধেয়কখন গৃহীত হোৱাৰ পাছতে তিনিওখন দেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তদুপৰি, মুছলমান দেশৰ সংবাদ মাধ্যমতো বিধেয়কখন সন্দৰ্ভত চৰ্চা চলিছে।

পাকিস্তানে নাগৰিকত্ব সংশোধনী বিধেয়কখনে দুয়োখন দেশৰ সকলো দ্বিপাক্ষিক চুক্তিক সম্পূৰ্ণৰূপে উলংঘন কৰিছে।

ইপিনে, বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মেমনে কয় যে ইয়ে ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ছবিখনত আঘাত কৰিব।

বাংলাদেশত সংখ্যালঘু হিন্দুসকল নিৰ্যাতিত হোৱাৰ প্ৰশ্নত মেমনে গৃহ মন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি স্পষ্ট কৰি দিয়ে যে বাংলাদেশৰ দৰে এনে বহু কম দেশ আছে য’ত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট আছে।

তেওঁ কয় যে অমিত শ্বাহে যদি কেইমাহমান বাংলাদেশত থাকে তেতিয়াহ’লে তেওঁ আমাৰ দেশৰ সাম্প্ৰদায়িক একতাৰ কথা জানিব পাৰিব।

মেমনে কয় যে দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটা কোনো কাম ভাৰতে নকৰে বুলি বাংলাদেশে আশা কৰে।

আনহাতে, আফগানিস্তানৰ ৰাষ্ট্ৰদূতেও বিধেয়কখনক লৈ আপত্তি দৰ্শাইছে। আফগানিস্তানে কৈছে যে ই এনে এখন দেশ যাৰ চৰকাৰে সংখ্যালঘুসকলৰ সৈতে ভেদভাৱ নকৰে।

সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত কয় যে আফগানিস্তানক পাকিস্তানৰ দৰে দেশৰ শাৰীত ৰাখিব নোৱাৰি। সংখ্যালঘুৰ কথা ক’বলৈ গ’লে আফগানিস্তান চাৰি দশকজুৰি গৃহযুদ্ধত ব্যস্ত হৈ আছে আৰু যুদ্ধত কি হ’ব পাৰে সেয়া সহজেই অনুমেয়। আফগানিস্তানৰ সকলো নাগৰিক যুদ্ধ পীড়িত আৰু ইয়াত তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ কোনো ভূমিকা নাই।