NORTHEAST NOW (Assamese)

কংগ্ৰেছ বিধায়কৰ আত্মীয়ৰ ফেইচবুক পোষ্টৰ পিছতে বাংগালুৰুত সাম্প্ৰদায়িক সংৰ্ঘষত : নিহত ৩

August 12, 2020 4:41 pm · এন ই নাও নিউজ
Updated: August 12, 2020 4:54 pm

কংগ্ৰেছ বিধায়ক শ্ৰীনিৱাস মূৰ্তিৰ এগৰাকী আত্মীয়ৰ এটা বিৰ্তকিত ফেইচবুক পোষ্টৰ পিছত কৰ্ণাটকৰ ৰাজধানী নগৰ বাংগালুৰু সাম্প্ৰদায়িক ৰণক্ষেত্ৰত পৰিণত হৈছে।

ৰাজধানী নগৰৰ কাভাল ৰবীন্দ্ৰ এলেকাৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষত তিনিজন লোক মৃত্যুৰ হোৱাৰ লগতে ৬০ জনৰো অধিক আৰক্ষী আহত হৈছে।

কংগ্ৰেছ বিধায়কজনৰ ভতিজাকে মংগলবাৰে কৰা এটা বিৰ্তকিত ফেইচবুক পোষ্টৰ পৰা সূত্ৰপাত হোৱা এই হিংসাত্মক কাণ্ডত উন্মত্ত লোকেই চহৰ ঠায়ে ঠায়ে অগ্নি সংযোগ, শিলগুটি নিক্ষেপ কৰাও পৰিলক্ষিত হয়।

ইফালে বিধায়কজনৰ বাসগৃহৰ সন্মুখত অসংখ্য লোক উপস্থিত হৈ প্ৰতিবাদ সাৱস্ত্য কৰাৰ লগতে তিনিখন বাহনত অগ্নিসংযোগ কৰে।

সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ মহানগৰখনতে প্ৰশাসনে ১৪৪ ধাৰা প্ৰয়োগ কৰে।

আনফালে এন আই এৰ এটা ভিডিঅ’ত একাংশ মুছলমান যুৱকে মানৱ শৃংখলেৰে উন্মত্ত জনতাৰ আক্ৰমণৰ পৰা এটা মন্দিৰ ৰক্ষা কৰা দেখা গৈছে। মুছলমান যুৱকসকলে গোটেই নিশা মন্দিৰটো পহৰা দিয়া দেখা গৈছে ভিডিঅ’টোত

ৰক্তাক্ত সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজতো প্ৰায় ৪০ গৰাকী মুছলমান যুৱকে উন্মত্ত জনতাৰ আক্ৰমণৰ পৰা এটা মন্দিৰ ৰক্ষা কৰি সম্প্ৰীতিৰ বিৰল দৃষ্টান্ত দেখুৱালে।

ইফালে উন্মত্ত লোকে স্থানীয় ডিজে হাল্লি আৰক্ষী থানাতো আক্ৰমণ কৰে। আৰক্ষীয়ে উন্মত্ত লোকক ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়।

গুলীচালনাত তিনিজন লোক নিহত হোৱাৰ লগতে একাংশ আৰক্ষীও আহত হয়।

আৰক্ষীয়ে এই পৰ্যন্ত বিতৰ্কিত ফেইচবুক পোষ্ট কৰা কংগ্ৰেছ বিধায়কজনৰ আত্মীয় গৰাকীসহ ১৬০ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Related News