NORTHEAST NOW (Assamese)
দেশ

সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন! ৫০০ বছৰ পুৰণি মন্দিৰৰ পথ নিৰ্মাণাৰ্থে দুই মুছলমানে দান কৰিলে ভূমি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2024 1:19 pm
সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন! ৫০০ বছৰ পুৰণি মন্দিৰৰ পথ নিৰ্মাণাৰ্থে দুই মুছলমানে দান কৰিলে ভূমি

এটি বিশেষ পাঁচশ বছৰীয়া হিন্দু মন্দিৰলৈ যাবলৈ নাছিল কোনো পথ।এই পথটো নিৰ্মাণৰ বাবে শেহতীয়াকৈ দুই মুছলমান নাগৰিকে দান কৰিলে নিজৰ মাটি৷

লোকসভা নিৰ্বাচনত আসন লাভৰ বাবে হাহাকাৰ কৰা নেতাই ঘৃণাক উচটনি দি মেৰুকৰণৰ ৰাজনীতিত লিপ্ত হোৱাৰ সময়ত জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এক তীব্ৰ বৈপৰীত্য দেখা গ’ল। গুলাম ৰাছুল আৰু গুলাম মহম্মদ নামৰ দুজন ব্যক্তিয়ে সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে। তেওঁলোকে দান কৰা মাটিত হিন্দু মন্দিৰ সংযোগী পথটো নিৰ্মাণ কৰা হ’ব।

যদিও ৰিয়াছি জিলাৰ কান্সি পট্টা গাঁৱৰ গুপ্ত কাশী-গৌৰী শংকৰ মন্দিৰ বহু বছৰ পুৰণি, তথাপিও নাছিল প্ৰৱেশ পথ। ফলত ভক্তসকলে মন্দিৰলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হৈছিল। সেই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে মুছলমান সমাজৰ সেই দুজন ব্যক্তি। খেৰাল গাঁৱৰ বাসিন্দা গুলাম ৰাছুল আৰু গুলাম মহম্মদে নিজৰ মাটিৰ কিছু অংশ পঞ্চায়তখনক দান কৰি এক কোটি টকাৰো অধিক বজাৰ মূল্যৰ আনুমানিক পথটো নিৰ্মাণ কৰিছে। কানসী পট্টা গাঁৱৰ এই ভূমিত দহ ফুট বহল ১২০০ মিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব। যিয়ে মন্দিৰটোক সংযোগ কৰিব। স্থানীয় প্ৰশাসনৰ মতে, এই পথটো পঞ্চায়তৰ পুঁজি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব। পথ নিৰ্মাণৰ বিষয়টোও জিলা উন্নয়ন আয়ুক্তৰ দৃষ্টিগোচৰ কৰা হৈছে।

ইতিমধ্যে মন্দিৰ সজোৱাৰ কামো আৰম্ভ হৈছে। মন্দিৰ কৰ্তৃপক্ষই অঞ্চলটোত আৰু কিছু মাটি অধিগ্ৰহণ কৰিছে। তদুপৰি মুছলমান সম্প্ৰদায়ৰ দুজন লোকৰ অনুদান লাভ কৰা হৈছে। মুঠতে এই কাৰ্যই কাশ্মীৰৰ এখন সৰু গাঁৱত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে।