NORTHEAST NOW (Assamese)

ম্যানমাৰ : সামৰিক শাসন বিৰোধী যুৱতীক গুলীয়াই হত্যা আৰক্ষীৰ, দেশজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন

February 20, 2021 4:16 pm · এন ই নাও নিউজ

ম্যানমাৰৰ জুণ্টা বিৰোধী প্ৰতিবাদী আন্দোলনত অংশগ্ৰহণ কৰা এগৰাকী যুৱতী প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ শুকুৰবাৰে মৃত্যু হয়।

আৰক্ষীৰ গুলীত প্ৰতিবাদকাৰী যুৱতীগৰাকী হত্যা হোৱাৰ পিছতে শনিবাৰে হাজাৰ হাজাৰ লোকৰ উপস্থিত শেষকৃত্য সম্পন্ন কৰাৰ লগতে ম্যানমাৰৰ সামৰিক শাসন বিৰোধী জনসাধৰণে দেশজুৰি যুৱতীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আৰক্ষীৰ গুলীত নিহত মিয়া থুৱেট থুৱেট খীনে নামৰ মহিলাগৰাকীয়ে তেওঁৰ ২০ বছৰীয়া জন্মদিনৰ মাত্ৰ ২ দুদিনৰ পূৰ্বে ৯ ফেব্ৰুৱাৰিত ম্যানমাৰৰ ৰাজধানী নাইপিটাৱত উঠা এখন ফ’টো ফুলেৰে সজাই তুলি আজি হাজাৰ হাজাৰ লোকে তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা যায়।

ইফালে যোৱা ১ ফেব্ৰুাৱিৰৰ ম্যানমাৰৰ শাসন সামৰিক বাহিনীয়ে হস্তগত কৰাৰ পিছত দেশজুৰি আৰম্ভ হোৱা উত্তাল প্ৰতিবাদত দেশখনত মৃত্যু হোৱা প্ৰথমগৰাকী প্ৰতিবাদাকাৰী বুলি যুৱতীগৰাকীক পৰিয়ালৰ লোকে নিশ্চিত কৰিছে।

এটা ভিডিঅ’ৰ ফুটেজত দেখা গৈছিল যে আন্দোলকাৰীৰ ওপৰত নিক্ষেপ কৰা পানী হিলৈৰ পৰা বাচিবলৈ চেষ্টা কৰাৰ সময়তে হেলমেট পৰিহিত যুৱতীগৰাকীৰ মূৰত আৰক্ষীৰ বন্দুকৰ পৰা নিৰ্গত এটা বুলেটে আঘাত কৰিছিল। আৰু প্ৰায় এসপ্তাহৰ চিকিৎসাৰ অন্তত শুকুৰবাৰে তেওঁ মৃত্যু বৰণ কৰে প্ৰতিবাদকাৰী যুৱতীগৰাকীয়ে।

ইফালে শনিবাৰে দেশখনৰ দ্বিতীয় প্ৰধান চহৰ মন্দালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিহত মিয়া থুৱেট থুৱেট খীনে প্ৰতিকৃতিত ফুল চতিয়াই এক সমদল বাহিৰ দেখা যায়।

Related News