NORTHEAST NOW (Assamese)
অসম

সংকটত উত্তৰ-পূবৰ বিদ্ৰোহী : ম্যানমাৰ সেনাৰ নিয়ন্ত্ৰণত এনএছচিএন(কে)ৰ মুখ্য কাৰ্যালয়

Posted by: এন ই নাও নিউজ March 4, 2019 10:56 am
Loksabha election: Two NPP supporters in NSCN-K net, Arunachal Pradesh BJP's hand alleged

ম্যানমাৰৰ সেনাই এনএছচিএন (কে)ৰ মুখ্য কাৰ্যালয়ৰ ওপৰত কব্জা কৰাৰ লগতে দেশখনৰ টাগা অঞ্চলৰ পৰা উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহক উৎখাত কৰিছে।

জানিব পৰা মতে, ম্যানমাৰ সেনাৰ ৫০০তকৈয়ো অধিক সুৰক্ষা বাহিনীৰ লোকে দেশখনত আত্মগোপন কৰি থকা ভাৰতীয় বিদ্ৰোহী গোটক বিগত সপ্তাহত উৎখাত কৰাৰ লগতে এনএছচিএন (কে)ৰ মুখ্য কাৰ্যালয়ৰ ওপৰত নিয়ন্ত্ৰণ সাৱ্যস্ত কৰিছে।

ডেক্কান ক্ৰ’নিকল নামৰ বাতৰিকাকতখনে প্ৰকাশ কৰা এটা বাতৰিত নাম প্ৰকাশত অনিচ্ছুক এক সুৰক্ষা সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে তেওঁলোকৰ শিৱিৰত থকা বিদেশী সন্ত্ৰাসবাদী তথা সশস্ত্ৰ বিদ্ৰোহীসকলক খেদি পঠিওৱাৰ বাবে দিয়া নিৰ্দেশ এনএছচিএন (কে)ই অগ্ৰাহ্য কৰাৰ পাছতে ম্যানমাৰ সেনাই এই পদক্ষেপ গ্ৰহম কৰিছে।

দেশখনৰ বনাঞ্চলত আশ্ৰয় লৈ থকা বিদ্ৰোহীসকলে লুকাই ৰখা এক বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰও ম্যানমাৰ সেনাই উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, এই বিদ্ৰোহী গোটসমূহৰ বিৰুদ্ধে ম্যানমাৰ সেনাই আক্ৰমণাত্মক সামৰিক শক্তি প্ৰয়োগ কৰা নাই। সুৰক্ষা সূত্ৰই জানিব দিয়া মতে তেওঁলোকক ম্যানমাৰত নতুন আশ্ৰয় শিৱিৰ স্থাপনৰ চেষ্টা কৰাৰ পৰিৱৰ্তে ভাৰতলৈ ঘুৰি যোৱাৰ বাবেহে কোৱা হৈছে।

যোৱা ফেব্ৰুৱাৰিৰ প্ৰথম সপ্তাহতে ম্যানমাৰ সেনাই বাৰ্মা ভূমিত খোপনি পুতি থকা উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন আলফা (স্বাঃ),এনএছচিএন (কে), এনডিএফবি(এছ) আৰু কেএলঅ’ক উৎখাত কৰাৰ কাৰণে সামৰিক অভিযান আৰম্ভ কৰিছিল।

সেনাৰ সূত্ৰ অনুসৰি যোৱা ২ ফেব্ৰুৱাৰিত আলফা (স্বাঃ) আৰু ম্যানমাৰ সেনাৰ মাজত গুলীয়াগুলিৰ ফলত বিদ্ৰোহী সংগঠনটোৰ এজন সদস্য নিহত হৈছিল আৰু আন এজন সদস্যক বাৰ্মাৰ সশস্ত্ৰ বাহিনী টাটমাড’ৱে কৰায়ত্ত কৰিছিল।

বাতৰি অনুসৰি, অভিযানৰ সময়ত ম্যানমাৰ সেনাই এনএছচিএন (কে)ৰ ছয় জন সদস্যক গ্ৰেপ্তাৰ কৰে।