NORTHEAST NOW (Assamese)
Popular Stories

হাতত মৰণাস্ত্ৰ লৈ বিপ্লৱৰ আহ্বান এইগৰাকী সৌন্দৰ্য সম্ৰাজ্ঞীৰ, দিলে চে’ গুৱেভাৰাৰ উদ্ধৃতি, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2021 4:04 pm
হাতত মৰণাস্ত্ৰ লৈ বিপ্লৱৰ আহ্বান এইগৰাকী সৌন্দৰ্য সম্ৰাজ্ঞীৰ, দিলে চে’ গুৱেভাৰাৰ উদ্ধৃতি, ক’ত?

এগৰাকী সৌন্দৰ্যৰ সম্ৰাজ্ঞীৰ হাতত কোনোধৰণৰ ফুল বা অন্যান্য বিলাসী প্ৰসাধনৰ সামগ্ৰীৰ বিপৰীতে দেখা পোৱা গৈছে অত্যাধুনিক মৰণাস্ত্ৰ।

হয়, দেশৰ দুৰ্দিনত গ্লেমাৰ জগতক বিদায় জনাই গভীৰ জংঘললৈ গৈ সামৰিক শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে ম্যানমাৰৰ এগৰাকী মোহময়ী বিউটি কুইন।

তেওঁৰ নাম হৈছে টাৰ টেট টেট (Htar Htet Htet)।

শেহতীয়াকৈ ৩২ বৰ্ষীয় বিউটি কুইনগৰাকীয়ে নিজৰ টুইটাৰযোগে হাতত ৰাইফল লৈ থকাৰ ফটো প’ষ্ট কৰিছে।

ফেচবুকযোগে তেওঁ কয় যে- ”যুদ্ধ কৰাৰ সময় আহিছে। আপোনাৰ হাতত অস্ত্ৰ, কলম, কী-ব’ৰ্ড বা টকা যিয়েই নাথাকক কিয়, সেইসমূহ লৈয়েই গণতন্ত্ৰ উভটাই অনাৰ এই যুদ্ধত যোগ দিয়ক।”

তেওঁ কয় যে সকলোৱে সহযোগিতা কৰিলে এই বিপ্লৱ সফল হ’ব।

”মই যিমান পাৰো যুদ্ধ কৰি যাম। মই সকলো ত্যাগ কৰিবলৈ সাজু। আনকি মই মোৰ জীৱনৰ স’তে খেলিবলৈও সাজু।”- তেওঁ কয়।

এইক্ষেত্ৰত কমিউনিষ্ট বিপ্লৱী নেতা চে’ গুৱেভাৰাৰ উদ্ধৃতি দি তেওঁ লিখে যে বিপ্লৱ এটা আপেল নহয় যে পকিলে ই সৰি পৰিব, আপুনি নিজেই ইয়াক সৰাব লাগিব।

উল্লেখযোগ্য যে ২০১৩ চনত থাইলেণ্ডত অনুষ্ঠিত ‘মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল বিউটী পিজেণ্ট’ত এই বিউটী কুইনগৰাকীয়ে ৬০গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি শ্ৰেষ্ঠতা অৰ্জন কৰিছিল।