NORTHEAST NOW (Assamese)

উত্তৰ-পূবত বিদ্ৰোহ দমনৰ ক্ষেত্ৰত ম্যানমাৰ সেনাৰ ভূমিকাক প্ৰশংসা স্থলসেনা প্ৰধান নাৰাভানেৰ

February 13, 2021 9:28 am · এন ই নাও নিউজ

ভাৰতীয় স্থল সেনা প্ৰধান মনোজ মুকুন্দ নাৰাভানে শুকুৰবাৰে উত্তৰ-পূবত বিদ্ৰোহ দমন কৰাৰ ক্ষেত্ৰত ম্যানমাৰ সেনাবাহিনীৰ সহায়ৰ কথা উল্লেখ কৰে।

অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ লগতে সুৰক্ষাগত দিশটো অতি গুৰুত্বপূৰ্ণ হিচাপে উল্লেখ কৰি নাৰাভানে উত্তৰ-পূবত বিগত সময়ছোৱাত আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত চকুতলগা পৰিবৰ্তন আহিছে বুলি কয়।

‘‘মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ বৃহৎ অংশ বৰ্তমান সময়ত বিদ্ৰোহ মুক্ত হোৱাৰ লগতে বিদ্ৰোহী কাৰ্য্যকলাপো যথেষ্ট পৰিমাণে হ্ৰাস পাইছে,’’ নতুন দিল্লীৰ এক অনুষ্ঠানত নাৰাভানে এইদৰে কয়।

নিৰাপত্তা বাহিনীৰ বিশ্ৰামহীন অভিযান আৰু চৰকাৰৰ সক্ৰিয় নীতিৰ ফলতে বাংলাদেশ আৰু ম্যানমাৰত শিপা থকা বিদ্ৰোহ গোট সমূহো ক্ৰমাৎ নিষ্ক্ৰিয় হৈ পৰিছে বুলি স্থল সেনা প্ৰধান গৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে।

উল্লেখযোগ্য যে, ম্যানমাৰত সামৰিক বাহিনীয়ে পুনৰ দেশখনৰ শাসন দখল কৰাৰ পাছত ম্যানমাৰৰ জনসাধাৰণে দেশখনত সামৰিক শাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

Related News