NORTHEAST NOW (Assamese)
Popular Stories

ম্যানমাৰ সামৰিক অভ্যুত্থান : ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ; মৃত্যু ৩৮ গৰাকী, গ্ৰেপ্তাৰ বহু প্ৰতিবাদকাৰীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2021 11:00 am
img_6353

সামৰিক অভ্যুত্থানৰ পিছত ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ।

গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু নেত্ৰী আন চাং চ্যু ক্যীসহ অন্যান্য কাৰাবান্দীসকলৰ মুক্তিৰ দাবীত যোৱা এমাহে নিৰন্তৰভাৱে চলি থকা গণতান্ত্ৰিক বিক্ষোভকাৰীৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিছে জুণ্টাই।

সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ-এ প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ পুৱালৈকে ৩৮ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। আৰক্ষী আৰু সেনা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে কৰা গুলীচালনাৰ ফলতেই এই প্ৰতিবাদকাৰীসকলৰ মৃত্যু হৈছে।

বুধবাৰৰ দিনটোত মৃত্যু হোৱা প্ৰতিবাদকাৰীৰ সংখ্যা বিভিন্ন সংবাদ প্ৰতিষ্ঠানে ভিন্নকৈ প্ৰকাশ কৰিলেও ৰয়টাৰ-এ প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ পুৱালৈকে ৩৮ গৰাকী প্ৰতিবাদকাৰী মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। ইয়াৰে ৬ গৰাকীক মনয়ৱাত হত্যা কৰা বুলি প্ৰকাশ পাইছে।

বুধবাৰে ৪ টি শিশু আৰু মহিলাসহ ৮ গৰাকী প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে জুণ্টাৰ আৰক্ষী আৰু সেনাই।

সেনা-আৰক্ষীয়ে প্ৰতিবাদাকীৰৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিলেও দিনক দিনে প্ৰতিবাদৰ প্ৰাৱল্য বৃদ্ধি পাইছে পাহাৰীয়া দেশখনত। সামৰিক বাহিনীৰ ৰঙা চকুলৈ কেৰেপ নকৰি দেশখনৰ প্ৰতিখন চহৰতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি গণতন্ত্ৰৰ পুনঃপ্ৰতিষ্ঠাৰ আন্দোলনটোক ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে।

“আমি জানো যে আমি সদায়ে গুলী খাব লাগিব আৰু মৰিব লাগিব, কিন্তু আমি জুণ্টাৰ অধীনত জীয়াই থাকিব নোৱাৰো। আমি পলায়ন কৰাতকৈ বিপদজনক পথটোকে বাছি লৈছো।” ৰয়টাৰৰ আগত এইদৰে দৃঢ়তাৰে কয় আন্দোলনকাৰী নেতা মৌং চৌংখা-এ।

ইফালে ম্যানমাৰৰ শেহতীয়া পৰিস্থিতিকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ লগতে বিশ্বসম্প্ৰদায়ে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শুকুৰবাৰে ম্যানমাৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিবলৈ এক কূটনৈতিক বৈঠকৰ আহ্বান কৰিছে।