NORTHEAST NOW (Assamese)
অসম

দিল্লীত ৰহস্যজনক মৃত্যু অসমীয়া যুৱকৰ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 12, 2023 9:21 pm

দিল্লীত ৰহস্যজনক মৃত্যু অসমীয়া যুৱকৰ। মৃত্যু হোৱা যুৱকজনৰ নাম কাৰ্তিক বৰা (৪৫) বুলি জানিব পৰা গৈছে।

যুৱকজনে নতুন দিল্লীত কেয়াৰ টেকাৰৰূপে যোৱা দুবছৰ ধৰি কৰ্মসূত্ৰে আছিল।

যুৱকজন গুৱাহাটীৰ দিছপুৰ হস্পিতালৰ সমীপৰ ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নিবেদিতা হাজৰিকাৰ তত্ত্বাৱধানত কৰ্মসূত্ৰে নতুন দিল্লীত দুবছৰ ধৰি আছিল বুলি জানিব পৰা গৈছে।

কাৰ্তিক বৰাই নতুন দিল্লীৰ চেক্টৰ ১০৪, গডৰেজ চুমিট টাৱাৰ এ ৯০৪ গুৰগাঁৱত বাস কৰিছিল।

গুৰগাঁৱৰ আনন্দ বাগিচাৰ ওচৰত ৰেলৱে ষ্টেচনৰ সমীপৰ ৰাজেন্দ্ৰ পাৰ্ক আৰক্ষী থানাৰ ছেক্টৰ ১০৪ ৰ  ৬ নং বাসগৃহৰ পৰা কাৰ্তিক বৰা মৃতদেহ  উদ্ধাৰ কৰা হৈছে।

মৃত কাৰ্তিক বৰা ঘৰ চতিয়াৰ চমাৰদলনী কেন্দুগুৰিত বুলি জানিব পৰা গৈছে। মৃত্যুৰ খবৰ পাইয়ে কাৰ্তিকৰ পৰিয়ালৰ লোক দিল্লীত উপস্থিত হয়।