NORTHEAST NOW (Assamese)

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

June 17, 2025 5:00 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। এইবাৰ ভঙাগড়ৰ চিলাৰায় পথৰ নিজৰ ঘৰতে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে।

২১ বছৰীয়া ঈপ্সিতা দাস নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰেমজনিত সম্পৰ্কৰ বাবে মানসিক নিৰ্যাতনৰ বলি হৈ চৰমপন্থা লোৱাৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালে।

পৰিয়ালৰ লোকে চিণ্টু কলিতা নামৰ এজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। লক্ষ্যণীয়ভাৱে ৩৮ বছৰীয়া চিণ্টু কলিতা আছিল ঈপ্সিতাৰ দূৰ সম্পৰ্কীয় মোমায়েক।

ঈপ্সিতাক প্ৰেমৰ জালত পেলাই চিণ্টুৱে ধন সম্পত্তি দাবীৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালে।

আনহাতে ঈপ্সিতাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো আন এগৰাগী যুৱতীৰে বিবাহ ঠিক কৰিছিল চিণ্টুৱে। আৰু ইয়াকে লৈ মানসিকভাৱে ভাঙি পৰি ঈপ্সিতাই চৰম পন্থা লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

Related News