NORTHEAST NOW (Assamese)
অসম

চমৎকাৰ! সাগৰৰ পৰা ভাহি আহিল সোণ-ৰূপৰ অলংকাৰ; দেখি হতবাক স্থানীয় বাসিন্দা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2020 9:24 am
Gold-silver jwellery washes up

কৰ’না পৰিস্থিতিয়ে ২০২০চনটোক এক অভিশাপৰ বৰ্ষ বুলি অভিহিত কৰাৰ সময়তে এখন গাঁৱৰ বাসিন্দাই এই বৰ্ষটোক ভগৱানৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছে।

এই বিশ্বত প্ৰতি নিয়ত বহু চমৎকাৰ ঘটনা সংঘটিত হৈ থাকে। তাৰে কিছুমান আমি গম পাওঁ আৰু আন বহু ঘটনা আমাৰ অলক্ষিতে থাকি যায়।

ইয়াৰে কিছুমানে আমাৰ জীৱনলৈ বিপদ কঢ়িয়াই আনে আৰু আন দুই এটা ঘটনাই লৈ আনে সমৃদ্ধিৰ বতৰা।

শেহতীয়াকৈ এনে এক ঘটনাই ঘটিছে ভেনিজুৱেলাৰ এখন গাঁৱত। য’ত হঠাতে সাগৰৰ পৰা ভাহি আহিছে সোম-ৰূপৰ অলংকাৰ।

বাতৰি অনুসৰি, কিছুদিন পূৰ্বে হঠাতে সাগৰৰ পাৰত ভেনিজুৱেলাৰ ভিতৰুৱা গাঁও গুয়াকাৰ এজন ব্যক্তিয়ে এডাল সোণৰ হাৰ পালে। হাৰডালত যীশুখ্ৰীষ্টৰ মাতৃ মেৰিৰ ছবি খোদিত কৰা আছিল।

কথাটো প্ৰচাৰ হোৱাৰ পাছত গুয়াকা গাঁওৰ আন বাসিন্দাসকলেও সাগৰ তীৰত সোণ আৰু ৰূপৰ অলংকাৰ বিচৰা আৰম্ভ কৰে। তাত তেওঁলোকৰ মনোকামনা পূৰণো হ’ল।

প্ৰায় দুই হাজাৰতকৈয়ো অধিক লোকে বিভিন্ন ধৰণৰ সোম-ৰূপৰ অলংকাৰ বুটলি আনিবলৈ সক্ষম হ’ল। কিছুমানে এক-ডেৰ হাজাৰ ডলাৰৰ বিনিময়ত অলংকাৰৰ দোকানত তেওঁলোকৰ অলংকাৰ বিক্ৰীও কৰিলে।

কৰ’না সংকটৰ মাজত আৰ্থিক অনাটনত ভোগা গাওঁখনৰ বাসিন্দাসকলৰ জীৱন যাত্ৰা হঠাতে যেন সলনি কৰি দিলে এই ঘটনাই।