NORTHEAST NOW (Assamese)

অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে ষ্টেচন সমূহত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অভিযান; সংগ্ৰহ ১০.৫৪ লাখ টকা জৰিমনা

June 23, 2023 11:36 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো সৌজন্য: উত্তৰ পূব সীমান্ত ৰেলৱে।

উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ ষ্টেচন চৌহদক অবৈধ কাৰ্যকলাপৰ পৰা মুক্ত কৰাৰ প্ৰয়াসত নিয়মীয়াকৈ অবৈধ/অননুমোদিত হকাৰ/ভেণ্ডৰ, ধূমপানকাৰী আৰু অপৰিস্কাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে অভিযান চলায়। যোৱা দুমাহৰ সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰপাঁচটা মণ্ডলত অভিযান চলোৱা হয়, যাৰ ফলত জৰিমনা হিচাপে ১০.৫৪ লাখ টকা সংগ্ৰহ কৰা হয়। ৰে’লৱে আইন, ১৯৮৯-ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত এই সন্দৰ্ভত ৪৬৬১ জন ব্যক্তিক দোষী সাব্যস্ত কৰা হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পাঁচটা মণ্ডলত চলিত বছৰৰ এপ্ৰিল আৰু মে মাহৰ সময়চোৱাত,অবৈধ/অননুমোদিত হকাৰ/ ভেণ্ডৰসকলৰ পৰা জৰিমনা হিচাপে ৩.২০ লাখ টকা সংগ্ৰহ কৰা হয় আৰু ১০৭৭ জন লোকক দোষী সাব্যস্ত কৰা হয়। ইয়াৰ উপৰিও, ষ্টেচন চৌহদত ধূমপান কৰা আৰু অপৰিস্কাৰ কৰা লোকসকলৰ পৰা ক্ৰমান্বয়ে ১.৭৪ লাখ টকা আৰু ৫.৫৯ লাখ টকা জৰিমনা হিচাপে সংগ্ৰহ কৰা হয়। এই সন্দৰ্ভত ৯২৬জন ধূমপানকাৰী আৰু ২৬৫৮জন লোকক দোষী সাব্যস্ত কৰা হয়।

মুঠ ৭৫টা মূখ্য ৰেল ষ্টেচনক অবৈধ হকাৰৰ পৰা মুক্ত হিচাপে ঘোষণা কৰা হৈছে। কাটিহাৰ মণ্ডলৰ অধীনত কাটিহাৰ, শিলিগুড়ী, নিউ জলপাইগুড়ীকে ধৰি ১৪টা ষ্টেচন, লামডিং মণ্ডলৰ অধীনৰ গুৱাহাটী, কামাখ্যা, লামডিঙকে ধৰি ১৪টা ষ্টেচন, আলিপুৰ দুৱাৰ মণ্ডলৰ অধীনৰ কোকৰাঝাৰ, নিউকোচবিহাৰ, নিউ আলিপুৰদুৱাৰকে ধৰি ১৮ টা ষ্টেচন, তিনিচুকীয়া মণ্ডলৰ অধীনৰ ডিব্ৰুগড়, নিউ তিনিচুকীয়া, মৰিয়নিকে ধৰি ১৩টা ষ্টেচন আৰু ৰঙিয়া মণ্ডলৰ অধীনৰ ৰঙিয়া, গোৱালপাৰা টাউন, নিউ বঙাইগাঁওকে ধৰি ১৬টা ষ্টেচন অবৈধ/অননুমোদি তহকাৰ/ভেণ্ডৰসকলৰ পৰা মুক্ত কৰা হৈছে আৰু মূখ্য ৰেলৱে ষ্টেচনবোৰক এই সমূহৰ পৰা মুক্ত কৰি ৰখাৰ বাবে আৰু যাত্ৰীসকলৰ বাবে উন্নতমানৰ খাদ্য নিশ্চিত কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযানৰ  অংশ হিচাপে ৰেলৱে ষ্টেচনসমূহত ৰাজহুৱা স্বচ্ছতাৰ উন্নয়নৰ এই প্ৰচেষ্টা আৰপিএফে অব্যাহত ৰাখিব।

ৰেল ষ্টেচন সমূহৰ চৌহদত অবৈধভাৱে ফেৰি কৰা, ধুমপান কৰা, আৱৰ্জনা পেলোৱা ৰে’লৱে আইন, ১৯৮৯ৰ যথাক্ৰমে ধাৰা ১৪৪ (এ), ১৬৭ধাৰা আৰু ধাৰা ১৪৫ৰ অধীনত নিষিদ্ধ কৰা হৈছে।

Related News