NORTHEAST NOW (Assamese)
দেশ

‘না কৰুঙ্গা, না কৰনে দুঙ্গা’! বাইডেন প্ৰসঙ্গৰে মোদীক কটাক্ষ কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2023 3:59 pm
Modi and Biden

G20 বৈঠকৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ভাৰত ভ্ৰমণ কৰাৰ সময়ত বাইডেনৰ ইচ্ছাৰ পিছতো তেওঁক সংবাদ মেল সম্বোধনৰ অনুমতি নিদিয়াক লৈ তীব্ৰ চৰ্চা চলিছে। এই চৰ্চাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ কটাক্ষ কৰিছে কংগ্ৰেছে।

ভাৰত ভ্ৰমণৰ পিছতে ভিয়েটনাম ভ্ৰমণলৈ যোৱা মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে সংবাদ মাধ্যমক সম্বোধন কৰে। বাইডেনে ভিয়েটনামত সম্বোধন কৰা এই সংবাদ মেলৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে আক্ৰমণ কৰে।

বাইডেনে সংবাদ মেলত ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মানৱ অধিকাৰ, নাগৰিক সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাক সন্মান জনোৱাৰ গুৰুত্ব আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ে আলোচনা কৰে বুলি উল্লেখ কৰে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাষণৰ কথা উল্লেখ কৰি ৰমেশে কয় যে মোদীয়ে বাইডেনক কোৱা ‘না প্ৰেছ কনফাৰেন্স কৰুঙ্গা, না কৰনে দুঙ্গা অৰ্থাৎ নিজেও সংবাদমেল অনুষ্ঠিত নকৰো, আপোনাকো কৰিবলৈও নিদিওঁ কথাৰ কোনো প্ৰভাৱ বাইডেনৰ ওপৰত নপৰিল।

উল্লেখ্য যে, শুকুৰবাৰে ৰমেশে অভিযোগ কৰিছিল যে G20 সন্মিলনৰ পূৰ্বে দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ পিছত বাইডেনক সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিবলৈ দিয়া হোৱা নাছিল।

অনুৰোধৰ পিছতো বাইডেনক সংবাদ মেল সম্বোধনৰ অনুমতি দিয়া নাছিল বুলি আমেৰিকান প্ৰশাসনে সদৰী কৰা বুলি ৰমেশে দাবী কৰিছিল। মোদী শৈলীৰ গণতন্ত্ৰ এনেদৰেই হয় বুলি বুলিও প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।