NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ঐতিহাসিক কাথপাৰা শ্ৰী শ্ৰী নিত্যানন্দ দেৱ থানত ন লগোৱা উৎসৱ পালন

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ December 5, 2021 3:19 pm
Na Lagaowa Utsav

অতীতৰ পৰা চলি অহা পৰম্পৰা অনুসৰি আজি মায়ামৰা সম্প্ৰদায়ৰ ভকত বৈষ্ণৱ সকল একত্ৰিত হৈ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী নিত্যানন্দ দেৱ থানত ন লগোৱা উৎসৱ পালন কৰে।

মায়ামৰা সম্প্ৰদায়ৰ ৩২ টা খেলৰ প্ৰায় ৪৫ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি এই উৎসৱ পালন কৰে।

পুৱা ধৰ্মধ্বজা, বন্তি প্ৰজ্বলন, চফাই কাৰ্যসূচী আৰু ভাগৱত স্থাপন কাৰ্যসূচীৰে আৰম্ভ হয় এই ন লগোৱা উৎসৱ।

ইয়াৰ পিছতে বিভিন্ন গাঁৱৰ পৰা অহা গায়ন বায়ন দলৰ দ্বাৰা হৰি নামৰ ধ্বনিৰে সমগ্ৰ কাথপাৰ অঞ্চল মুখৰিত হৈ পৰে।

Also Read: ২৩ জন সাহিত্যিকলৈ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন

পৰম্পৰা অনুসৰি গাঁৱৰ ৰাইজে পথাৰৰ পৰা ধানৰ আগ আনি শ্ৰী শ্ৰী নিত্যানন্দ দেৱ থানত একত্ৰিত কৰে আৰু সেই ধানেৰে পিঠা বনাই এই ন লগোৱা উৎসৱত আগবঢ়ায়।

তদুপৰি ধানৰ এটা মুঠি চৰাই চিৰিকটিয়ে খাবৰ বাবে গছৰ ডালত ৰাখি থয়।