NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগা শান্তি চুক্তি: “সকলো আলোচনা সমাপ্ত, এতিয়া কেৱল স্বাক্ষৰৰহে অপেক্ষা” WC-NNPG

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2026 11:03 am

নাগা জাতীয় ৰাজনৈতিক গোটসমূহৰ কাৰ্য্যকৰী সমিতিয়ে (WC-NNPG) যোৱা ১০ ফেব্ৰুৱাৰীত স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰিত চুক্তিখন পুনৰ আলোচনাৰ বাবে মুকলি কৰিব নোৱাৰি। তেওঁলোকে দাবী কৰে যে এই চুক্তিয়ে ইতিমধ্যে নগা জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ গৃহভূমিৰ উদ্বেগসহ সকলো মূল ৰাজনৈতিক সমস্যা সমাধানৰ বাবে এক ব্যাপক পথ প্ৰশস্ত কৰিছে।

এক বিবৃতিত আলোচনাৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি সমিতিখনে কয় যে ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত এই চুক্তিয়ে ‘ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি’ (FNTA) গঠনৰ পৰিকল্পনা কৰিছে। ই আছিল ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ (ENPO) এক দীৰ্ঘদিনীয়া দাবী, যাৰ লক্ষ্য হৈছে পূব নাগালেণ্ডৰ দশকজুৰি চলা অৱহেলা আৰু প্ৰান্তীয়কৰণৰ সমস্যা দূৰ কৰা।

চুক্তিখনক “ঐতিহাসিক অন্যায়ৰ সময়োপযোগী সংশোধন” বুলি অভিহিত কৰি কাৰ্যকৰি সমিতিখনে কয় যে এই বন্দোৱস্তই জনসাধাৰণৰ ইচ্ছাক প্ৰতিফলিত কৰিছে আৰু এতিয়া ইয়াক সুনিৰ্দিষ্ট প্ৰশাসনিক তথা অৰ্থনৈতিক সংস্কাৰলৈ ৰূপান্তৰিত কৰাটো প্ৰয়োজন। তেওঁলোকে লগতে কয় যে এই নতুন ব্যৱস্থাই শাসন ব্যৱস্থাক পুনৰ বিন্যাস কৰিব আৰু এক অন্তৰ্ভুক্তিমূলক তথা স্বচ্ছ কাৰ্যকৰীকৰণ নিশ্চিত কৰিব, যাতে চুক্তিৰ সুফল তৃণমূল পৰ্যায়লৈকে পাব পৰা যায়।

‘ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি’ৰ ব্যৱস্থাটোক স্বীকাৰ কৰিলেও সমিতিখনে উল্লেখ কৰে যে সমাধান নোহোৱাকৈ থকা বৃহত্তৰ ভাৰত-নগা ৰাজনৈতিক বিষয়টোৱে সমগ্ৰ নগা পূৰ্বপুৰুষৰ গৃহভূমিক সাঙুৰি লয়। সেয়েহে ইয়াক বিচ্ছিন্নভাৱে চাব নোৱাৰি।

নাগা জাতীয় ৰাজনৈতিক গোটসমূহৰ কাৰ্য্যকৰী সমিতিয়ে সোঁৱৰাই দিয়ে যে ২০১৭ চনৰ ১৭ নৱেম্বৰত সাতটা নাগা গোটে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছিল আৰু ২০১৯ চনৰ ৩১ অক্টোবৰত শান্তি আলোচনা আনুষ্ঠানিকভাৱে সমাপ্ত হৈছিল। আলোচনাৰ পাছত প্ৰস্তুত কৰা চনদসমূহ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত দাখিল কৰা হৈছে।

বিবৃতিটোত স্পষ্ট কৰা হৈছে যে “স্থিতিপত্ৰ” (Status Paper)-ত নাগালেণ্ডৰ উপৰি মণিপুৰ, অসম আৰু অৰুণাচল প্ৰদেশৰ নগা জনগোষ্ঠীকো অন্তৰ্ভুক্ত কৰা হৈছে। এই পত্ৰ শান্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা হৈছিল। কমিটিয়ে কয় যে যদি নাগালেণ্ড চৰকাৰে কেন্দ্ৰৰ সৈতে কোনো পৃথক এজেণ্ডা বিচাৰে বা নতুন আলোচকৰ (Interlocutor) প্ৰস্তাৱ দিয়ে, তেন্তে সেয়া এক সুকীয়া বিষয় হিচাপে গণ্য হ’ব।

শান্তি আলোচনা ইতিমধ্যে আনুষ্ঠানিকভাৱে সমাপ্ত হোৱা বুলি দাবী কৰি সমিতিখনে কয় যে সকলো মূল ৰাজনৈতিক বিষয় ইতিমধ্যে পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে। গতিকে চুক্তিৰ মৰ্যাদা হ্ৰাস কৰাৰ যিকোনো প্ৰচেষ্টা হ’ব “অকল্পনীয়”। কমিটিয়ে জ্যেষ্ঠ ৰাষ্ট্ৰীয় নেতাসকলক আলোচনাৰ চৰ্ত অনুসৰি ৰাজনৈতিক চুক্তিত স্বাক্ষৰ কৰি শান্তি প্ৰক্ৰিয়াৰ চূড়ান্ত পৰ্যায়লৈ আগবাঢ়াই নিবলৈ আহ্বান জনায়। তেওঁলোকে দৃঢ়তাৰে কয় যে এক সন্মানীয় আৰু ব্যৱহাৰিক সমাধানৰ জৰিয়তেহে স্থায়ী শান্তি সম্ভৱ।

প্ৰায় ১৮ বছৰ ধৰি ৮০ টাতকৈও অধিক আলোচনাৰ সাক্ষী হোৱা ভাৰত-নগা সমস্যা সন্দৰ্ভত সমিতিখনে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে NSCN(IM)-ৰ পৃথক নাগা পতাকা আৰু সংবিধানৰ দাবী ধাৰাবাহিকভাৱে নাকচ কৰি আহিছে। ইয়াৰ বিপৰীতে ২০১৭ চনত WC-NNPG-ৰ সৈতে হোৱা সমান্তৰাল আলোচনা আৰু স্বাক্ষৰিত চুক্তিবদ্ধ স্থিতিই হৈছে দশক পুৰণি নাগা সমস্যা সমাধানৰ আটাইতকৈ বাস্তৱসন্মত পথ।