NORTHEAST NOW (Assamese)

নাগালেণ্ডত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৫৫ গৰাকীলৈ বৃদ্ধি; সুস্থ হৈছে ১৪৮ গৰাকী

June 25, 2020 5:55 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

বৃহস্পতিবাৰে নগালেণ্ডত আঠ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়।

শেহতীয়াভাৱে ৰাজ্যখনত ক’ৰ’না পৰীক্ষা কৰা ৩১৬ গৰাকী লোকৰ নমুনাৰ ভিতৰত আঠগৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগনু ফোমে টুইটাৰযোগে বৃহস্পতিবাৰে এই কথা উল্লেখ কৰে।

বৃহস্পতিবাৰে ক’ৰ’না আক্ৰান্ত আঠ গৰাকী লোকৰ ভিতৰত পাঁচগৰাকী কহিমাৰ আৰু ৩ গৰাকী ডিমাপুৰৰ।

আক্ৰান্ত আটাইকেইগৰাকী লোককে ডিমাপুৰ আৰু কহিমাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

বৃহস্পতিবাৰে নতুনকৈ ক’ৰ’না আক্ৰান্ত আঠগৰাকী লোকৰ সৈতে নাগালেণ্ডত মুঠ আক্ৰান্তৰ সংখ্যা ৩৫৫ গৰাকীলৈ বৃদ্ধি পাইছে।

আনহাতে, ৰাজ্যখনত এতিয়ালৈ চিকিৎসাৰ অন্তত মুঠ ১৪৮ গৰাকী লোক সুস্থ হৈ উঠিছে।

বৰ্তমান নাগালেণ্ডৰ বিভিন্ন চিকিৎসালয়ত মুঠ ২০৭ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।

Related News