NORTHEAST NOW (Assamese)
Popular Stories

নাগালেণ্ডত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ১০৭ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2020 7:01 pm
COVID19: 2772 persons discharged in Assam on Thursday

নাগালেণ্ডত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০৭ গৰাকীলৈ বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ১৩ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগানু ফোমে টুইট যোগে এই কথা জানিবলৈ দি কয়, ‘যোৱা ২৪ ঘণ্টাত ২৫২টা নমুনা পৰীক্ষা কৰা হৈছিল, ১৩টা নতুন পজিটিভ কেচ পোৱা গৈছে’।

আক্ৰান্ত লোক কেইগৰাকী চেন্নাইৰ পৰা উভতি অহা ব্যক্তি। উল্লেখযোগ্য যে এই পৰ্যন্ত নাগালেণ্ডত কোভিড-১৯ পজিটিভ ধৰা পৰা আটাইকেইগৰাকী লোকেই চেন্নাইৰ পৰা অহা।

যোৱা ২২ মে’ত এখন স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে ১,৩০০তকৈ অধিক লোক নাগালেণ্ডলৈ আহিছিল।

আনহাতে বৰ্তমানলৈ নাগালেণ্ডত এগৰাকীও ক’ৰ’না আক্ৰান্তৰ মৃত্যু হোৱা নায় যদিও কোনো এগৰাকী ৰোগী ক’ৰ’না মুক্ত হোৱা নাই।

উত্তৰ-পূবৰ ৰাজ্য সমূহৰ ভিতৰত অসমত সৰ্বাধিক ক’ৰ’না আক্ৰান্ত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা।