NORTHEAST NOW (Assamese)

নাগালেণ্ডত ২৫ গৰাকী লোক নতুনকৈ ক’ৰ’না আক্ৰান্ত; ২১৫ গৰাকী চিকিৎসাৰ অন্তত সুস্থ

August 20, 2020 8:58 pm · এন ই নাও নিউজ

নাগালেণ্ডত নতুনকৈ ২৫ গৰাকী লোক ক’ৰ’না প’জিটিভ হিচাপে চিনাক্ত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৩৫৮৩ গৰাকীলৈ বৃদ্ধি পায়।

এই সম্বন্ধে নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ  পাংগানু ফোমে উল্লেখ কৰে যে, ৮২৭ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত ২৫ গৰাকী ক’ৰ’না আক্ৰান্ত চিনাক্ত হয়।

‘‘আপডেট! ৮২৭ টা ক’ৰ’না পৰীক্ষাৰ ভিতৰত ২৫ গৰাকী নতুন ক’ৰ’না প’জিটিভ ৰোগী পোৱা গৈছে,’’ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে উল্লেখ কৰে।

নাগালেণ্ডত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ২৫ গৰাকী লোকৰ ভিতৰত ১৫ গৰাকী ডিমাপুৰ জিলাৰ, ৯ গৰাকী কহিমা আৰু এগৰাকী মুন জিলাৰ।

আনহাতে, স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ২১৫ গৰাকী ক’ৰ’না আক্ৰান্ত লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে বুলিও লগতে কয়।

ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠা ২১৫ গৰাকী লোকৰ ভিতৰত ১৯২ গৰাকী ডিমাপুৰ, ২১ গৰাকী কহিমা আৰু ২ গৰাকী জুনেবটোৰ।

নাগালেণ্ডত বৰ্তমানলৈ মুঠ ১৯২১ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠিছে।

ৰাজ্যখনত সাত গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

Related News