NORTHEAST NOW (Assamese)
Popular Stories

‘টি-মেন’ টেমজেন: এইবাৰ চুপাৰহিৰ’ ৰূপেৰে নেট দুনীয়াত খলকনি টেমজেন ইমনা আলঙৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2023 6:44 pm
Temjen Imna Along

হাস্যমধুৰ আৰু আকৰ্ষণীয় পোষ্টেৰে সামাজিক মাধ্যমত সততে চৰ্চাত থকা নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলং নেটিজেনৰ মাজত খুবেই জনপ্ৰিয়। সামাজিক মাধ্যমত এনে আমোদজনক পোষ্টৰ জৰিয়তে টেমজেনে ৰাজ্যখনৰ বিষয়ে নেট দুনীয়াত কৌশলী প্ৰচাৰো চলাই আহিছে।

আলঙে আজি আন এক টুইট যোগে নাগালেণ্ড পৰ্যটনক পুনৰ এবাৰ নেটিজেনৰ মাজত সু-কৌশলীভাৱে প্ৰচাৰ কৰে। টুইটৰ লগতে শ্বেয়াৰ কৰা এক জি.আই.এফ– ত নাগালেণ্ডৰ মন্ত্ৰীগৰাকীয়ে ছুপাৰহিৰ’ৰ সাজ-পোছাক পৰিধান কৰি শূন্যত উৰি থকা আৰু এগৰাকী ব্যক্তিৰ সৈতে কথা পাতি থকা দেখিবলৈ পোৱা গৈছে।

টুইটটোত তেওঁ নিজকে ‘টি-মেন’ বুলি অভিহিত কৰি হলীউডৰ দুই চুপাৰহিৰ’ চৰিত্ৰ ছুপাৰমেন আৰু স্পাইডাৰ মেনৰ পিছত এতিয়া ‘টি-মেন’ৰ আৱিৰ্ভাৱ হৈছে বুলি উল্লেখ কৰে। ‘টি-মেন’ৰ এই ‘টি’-ৰ জৰিয়তে তেওঁ নিজৰ নাম টেমজেনৰ লগতে ট্যুৰিজিম অৰ্থাৎ পৰ্যটনক বুজাব বিচাৰিছে।

লগতে এই ইজি.আই.এফ– ত তেওঁ ‘নাগালেণ্ড ভ্ৰমণ কৰিব বিচাৰেনে? মোৰ লগত কোনে উৰা মাৰিব বিচাৰে?’ বুলি লগত থকা ব্যক্তিগৰাকীক লক্ষ্য কৰি সোধা দেখিবলৈ পোৱা গৈছে।

 

এই পোষ্টটোৱেও তেওঁৰ পূৰ্বৰ পোষ্টসমূহৰ দৰেই যথেষ্ট সঁহাৰি লাভ কৰে। তেওঁৰ এই পোষ্টৰ জৰিয়তে উৎসাহিত হৈ পৰা নেটিজেনে নাগালেণ্ড ভ্ৰমণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।