NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত নতুনকৈ ৫০জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 11:30 am
Clinical-trial-of-COVID19-1-1140x570

নাগালেণ্ডত মঙলবাৰে নতুনকৈ ৫০জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

সোমবাৰে নমুনা পৰীক্ষা কৰা ৩১২জন লোকৰ ভিতৰত এই ৫০জন লোকৰ পজিটিভ পোৱা গৈছে।

পজিটিভ ওলোৱা ৰোগীসকলৰ ভিতৰত আছে ডিমাপুৰ কোৱাৰেন্টাইন চেন্টাৰৰ ২৪জন, কোহিমা কোৱাৰেন্টাইন চেন্টাৰৰ ১৪জন আৰু পেৰেণ কোৱাৰেন্টাইন চেন্টাৰৰ ১২জন।

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগ্ন্যু ফোমে মঙলবাৰে তেওঁৰ অফিচিয়েল টুইটাৰৰ জৰিয়তে এই তথ্য সদৰী কৰিছে।

ৰাজ্যখনত মুঠ কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ৩৩০জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৮৯জন।

আনহাতে, এতিয়ালৈকে ১৪১ জন ৰোগী এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।

ৰাজ্যখনত বৰ্তমানলৈক কোভিড-১৯ আক্ৰান্ত কোনো লোকৰ মৃত্যু হোৱা নাই।