NORTHEAST NOW (Assamese)

চিকিৎসাৰ বাবে গৈ গুজৰাটত আবদ্ধ নগাঁৱৰ পৰিয়াল; সহায় বিচাৰি চৰকাৰলৈ অনুৰোধ

May 10, 2020 9:04 am · এন ই নাও নিউজ
Updated: May 10, 2020 10:55 am

চিকিৎসাৰ উদ্দেশ্যে গুজৰাটলৈ যোৱা নগাঁৱৰ চামগুৰিৰ এটি পৰিয়াল ক’ৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ ফলত ৰাজ্যখনত আবদ্ধ হৈ যথেষ্ট সমস্যাত পৰিছে।

মিন্তু মহালী নামৰ উদমাৰি চাহ বাগিচাৰ লোকজনে তেওঁৰ পত্নীক কেন্সাৰ ৰোগৰ চিকিৎসাৰ উদ্দেশ্যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গুজৰাটৰ আহমেদাবাদত এখন চিকিৎসালয়লৈ লৈ গৈছিল।

পত্নী গীতা মহালীক চিকিৎসালয়খনত অস্ত্ৰোপচাৰ কৰি বাওঁ ভৰিখন বিচ্ছিন্ন কৰি দিয়াত তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে বুলি পৰিয়ালৰ লোকে  জানিবলৈ দিয়ে।

কিন্তু গুজৰাটৰ পৰা নিজ ঘৰলৈ ঘূৰি আহিবলৈ লোৱাৰ সময়তে হঠাতে দেশজুৰি জাৰি হোৱা লকডাউনৰ ফলত গুজৰাটতে পৰিয়ালটো আবদ্ধ হৈ পৰিব লগীয়া হয়।

বৰ্তমান গুজৰাটৰ এখন হোটেলত থকা পৰিয়ালটোৱে ঘৰলৈ ঘূৰি আহিবলৈ এখন এম্বুলেঞ্চ যোগাৰ কৰিবৰ বাবে চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে।

উপায়হীন হৈ মিন্তু মহালীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অসম চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰীক সহায়ৰ বাবে কাতৰ আহ্বান জনাই যদিও এই পৰ্য্যন্ত চৰকাৰ তথা নগাঁও জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইফালে মাক-দেউতাক ইমান দিন ধৰি ঘৰত নথকাত দশম শ্ৰেণীত অধ্যয়ণৰত তেওঁলোকৰ একমাত্ৰ পুত্ৰ যথেষ্ট অসুবিধাত পৰিছে বুলি পৰিয়ালটোৰ ওচৰ-চুবুৰীয়া ৰাইজে জানিবলৈ দিয়ে।

উদমাৰিৰ ৰাইজে দুৰ্ভগীয়া পৰিয়ালটোক সোনকালে গুজৰাটৰ পৰা নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

Related News