NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2024 7:01 am

নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু ছামাক এগৰাকী মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

কেইমাহ পূৰ্বে তেওঁৰ ফাৰ্মাচীত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সোমবাৰে (২০ মে’) অসম আৰক্ষীৰ এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰিছে।

ভুক্তভোগীয়ে নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যে ছামাই ঔষধ ক্ৰয় কৰিবলৈ তেওঁৰ ফাৰ্মাচীলৈ যোৱাৰ সময়ত তেওঁক ধৰ্ষণ কৰিছিল।

লগতে পঢ়কঃ ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধঘোষিত ‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

তেওঁ লগতে দাবী কৰে যে ছামাই এই নিগ্ৰহৰ ৰেকৰ্ডিং কৰিছিল আৰু ভিডিঅ’টো ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ ভাবুকি দি তেওঁৰ পৰা প্ৰায় ৫ লাখ টকা ধন দাবী কৰিছিল।

গ্ৰেপ্তাৰৰ পিছত দেওবাৰে (১৯ মে’) ছামাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

আনুসংগিক এক ঘটনাত ছামাই দাখিল কৰা প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ)ৰ ভিত্তিত জুৰীয়াৰ দুজন সাংবাদিককো গ্ৰেপ্তাৰ কৰা হয়।

তেওঁৰ উল্লেখিত অপৰাধৰ বাতৰি সম্প্ৰচাৰ নকৰাৰ বিনিময়ত সাংবাদিকসকলে তেওঁৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃঅসমত দিনক দিনে বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা  : স্বামীৰ চোকা অস্ত্ৰত প্ৰাণ গ’ল পত্নীৰ

আৰক্ষীয়ে কয় যে আমি দুয়োটা গোচৰৰ তদন্ত কৰি আছো আৰু পৰৱৰ্তী পৰ্যায়তহে অধিক সবিশেষ জানিব পৰা যাব।

যোৱা ২৬ এপ্ৰিলত অসমৰ নগাঁও লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।