NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ, উদ্বোধন কৰিব চন্দ্ৰমোহন পাটোৱাৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2019 9:07 am
Nalbari Rash

আজিৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৮৬ সংখ্যক ৰাস মহোৎসৱ। পূৰ্বৰ বছৰ সমূহৰ দৰে এইবেলিও ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ’ব ৰাস।

১২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ চলিব লগীয়া ৰাস মহোৎসৱৰ বাবে মহাকাব্যৰ কাহিনীৰ আধাৰত প্ৰায় ৮০টা মণ্ডপত সজাই পৰাই তোলা হৈছে মৃণ্ময় মূৰ্তি।

প্ৰায় ৮৫ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা মহোৎসৱৰ প্ৰৱেশদ্বাৰৰ দুয়োফালে ২০ ফুট দৈৰ্ঘ্যৰ বিদ্যুৎচালিত দুটাকৈ বৃহতাকাৰৰ ডাইন’ছৰ স্থাপন কৰিছে। দৰ্শনাৰ্থীক আকৰ্ষিত কৰাৰ উদ্দেশ্যেই এনে ধৰণৰ বিভিন্ন পদক্ষেপ লোৱা হৈছে বুলি ৰাসৰ উদ্যোক্তাই জনায়।

লগতে পঢ়ক : অম্বুবাচী মেলাৰ ধৰণে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত চলোৱা হ’ব মাজুলী আৰু নলবাৰীৰ ৰাস মহোৎসৱৰ প্ৰচাৰ

উল্লেখ্য যে অসম পৰ্যটন নিগমৰ পূৰ্ণ সহযোগিতাত হ’ব লগীয়া এইবাৰৰ ৰাস মহোৎসৱত পৰ্যটকৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাস মহোৎসৱ সমিতিয়ে। দূৰ দূৰণিৰ দৰ্শনাৰ্থীৰ বাবে ৰাস মহোৎসৱ চলি থকা দিনকেইটাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ বিশেষ সেৱা থাকিব।

76277142_2420608788178957_703854176702038016_n
ফটো : নৰ্থ-ইষ্ট নাও

হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই জানিবলৈ দিয়া মতে উক্ত দিনকেইটাত নলবাৰী ৰাস মহোৎসৱৰ পৰা গুৱাহাটী আৰু বঙাইগাঁৱলৈ প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে এ এছ টি চি বাছ চলি থাকিব।

ইফালে ৰাজ্য চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৮৬ সংখ্যক ৰাস মহোৎসৱ।