NORTHEAST NOW (Assamese)

এছিয়াডত দেশৰ হৈ উশ্বুত ৰূপৰ পদক জয় মণিপুৰী কন্যাৰ; কান্দোনত ভাগি পৰিল ৰোছিবিনা

September 28, 2023 9:37 am · এন ই নাও নিউজ, গুৱাহাটী

মণিপুৰৰ নাওৰেম ৰোছিবিনা দেৱীয়ে বৃহস্পতিবাৰে এছিয়ান গেমছত উশ্বুত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰে। তেওঁ মহিলাৰ ৬০ কেজি শাখাৰ ফাইনেলত ৰূপৰ পদক লাভ কৰে। উশ্বুৰ দুয়োটা ৰাউণ্ডতে চীনৰ ৱু জিয়াওৰ হাতত পৰাস্ত হয়। ৰূপৰ পদক লাভ কৰাৰ পিছতে কান্দোনত ভাগি পৰে মণিপুৰী কন্যাই।

চীনা প্ৰতিযোগীৰ বিৰুদ্ধে যুঁজ দিয়াটো ৰোছিবিনাৰ বাবে সহজ নাছিল। আৰম্ভণিৰে পৰাই তেওঁ প্ৰতিপক্ষৰ ভৰিত ধৰি মাটিত পেলাই দিবলৈ চেষ্টা কৰিছিল। কিন্তু  জিয়াওক পেলাব নোৱাৰিলে। ফলত বিচাৰকসকলে প্ৰথম ৰাউণ্ডত জিয়াওক বিজয়ী ঘোষণা কৰে।

লগতে পঢ়ক: কন্যাৰ বিয়াৰ বাবে বেংকৰ লকাৰত ৰাখিছিল মাতৃয়ে; উঁই পোকে খাই পেলালে গোটেই ১৮ লাখ টকা

অৱশ্যে দ্বিতীয় ৰাউণ্ডৰ আৰম্ভণিতে ৰোছিবিনাই জিয়াওক পেলাই দিয়ে। সোণৰ পদক লাভ কৰিবলৈ দ্বিতীয় ৰাউণ্ডত জয়ী হোৱাৰ প্ৰয়োজন আছিল ৰোছিবিনাৰ। কিন্তু ৰাউণ্ডৰ শেষৰ ফালে জিয়াওৱে কেইটামান কিকত পইণ্ট লাভ কৰে। সেই ৰাউণ্ডতো বিচাৰকসকলে জিয়াওক বিজয়ী ঘোষণা কৰে। ফলস্বৰূপে ৰোছিবিনাই ৰূপৰ পদকতে সন্তুষ্ট হ’ব লগা হ’ল।

দেশৰ হৈ পদক লাভ কৰি কান্দোনত ভাগি পৰে মণিপুৰৰ এথলীটগৰাকী। মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে মে’ মাহৰ পৰা ঘৰলৈ যোৱা হোৱা নাই ৰোছিবিনাৰ। আনকি তেওঁক পৰিয়ালৰ সদস্যৰ লগত কথা পতাতো নিষেধ কৰা হৈছিল যাতে অনুশীলনত কোনো সমস্যাৰ সৃষ্টি নহয়।

লগতে পঢ়ক: ভাৰতৰ পৰা অস্কাৰৰ বাবে যুঁজ দিব মালয়ালম চলচ্চিত্ৰ ‘২০১৮’

অৱশেষত পদক লাভ কৰাৰ পিছত ৰোছিবিনাই পৰিয়ালৰ সৈতে কথা পাতিলে। তাৰ পিছতে তেওঁ কান্দোনত ভাগি পৰে।

Related News