NORTHEAST NOW (Assamese)
দেশ

নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2023 9:45 pm
নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। দীনদয়াল উপাধ্যায়ৰ ১০৭ সংখ্যক জন্ম জয়ন্তীত সোমবাৰে ৰাজধানী দিল্লীৰ মাজমজিয়াত উন্মোচন কৰা হয় এই বিশাল প্ৰতিমূৰ্তি। 

প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে দীনদয়াল উপাধ্যায়ৰ এই প্ৰতিমূৰ্তিয়ে দেশবাসীক ৰাজনীতিৰ ক্ষেত্ৰত ‘সততা’ৰ কথা সোঁৱৰাই দিব। 

জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী উপলক্ষে দিল্লীত এক বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি তাত ভাষণ দিওঁতে নৰেন্দ্ৰ মোদীয়ে সোঁৱৰাই দিয়ে যে দীনদয়াল উপাধ্যায়ে সমাজৰ একেবাৰে তলৰ শ্ৰেণীৰ মানুহৰ কথাবোৰ কেনেকৈ আঙুলিয়াই দিছিল।

দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমুখত থকা উদ্যানখনৰ দীনদয়াল উপাধ্যায় মাৰ্গৰ কাষত স্থাপন কৰা হৈছে এই বিশাল প্ৰতিমূৰ্তিটো। 

প্ৰধানমন্ত্ৰীয়ে কয়, ‘যোৱা ৯ বছৰত আমি সমাজৰ নিম্নতম শ্ৰেণীৰ উন্নতিৰ বাবে কাম কৰিছো। এই মূৰ্তিটো ৰাজনীতিত সততাৰ প্ৰতীক হিচাপে থিয় দিব আৰু জীৱনত স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তাৰ কথা মানুহক সোঁৱৰাই দিব।” 

উল্লেখ্য যে, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ স্মৃতিত ৰাজস্থানতো এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। ৰাজস্থানত বিজেপিৰ ক্ষমতাত থকা সময়ত এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হৈছিল।