NORTHEAST NOW (Assamese)

Fire engulfs ICU: গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশুৰ ICU ত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা ১৪ টি শিশুৰ

November 19, 2021 3:55 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 19, 2021 4:00 pm

Fire engulfs ICU: গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশুৰ ICU ত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা ১৪ টি শিশুৰ।

দিল্লী বা উত্তৰ প্ৰদেশত সঘনাই ঘটি থকা ঘটনা নহয়, এইবাৰ অসমৰে গোৱালপাৰাত সংঘটিত হৈছে চিকিৎসালয়ৰ শিশুৰ ICU ত অগ্নিকাণ্ডৰ ঘটনা। গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ ICU ত আজি সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

অগ্নিগকাণ্ড সংঘটিত হোৱাৰ সময়ত ICU ত ১৪ টি শিশু আছিল। অৱশ্যে চিকিৎসালয় খনৰ চিকিৎসক, নাৰ্চ আৰু আন লোকৰ তৎপৰতাত শিশুসকলৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

ৰাইজ আৰু চিকিৎসালয় কৰ্তৃপক্ষই খবৰ দিয়াৰ পিছতে অগ্নি নিৰ্বাপক আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কেইবাখনো গাড়ী উক্ত স্থানত উপস্থিত হয় আৰু পানী তথা গেছৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্রপাত ঘটা বুলি শেহতীয়াকৈ নিশ্চিত কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত চিকিৎসালয় খনৰ উক্ত কোঠাটোৰ বহু মূল্যৱান যন্ত্ৰ-পাতি জ্বলি নিঃশেষ হয়।

ইপিনে অগ্নিকাণ্ডৰ সময়তে উদ্ধাৰ কৰা শিশু কেইটাক গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ উপৰিও শীৰ্ষ প্ৰশাসনিক বিষয়াসকল উপস্থিত হৈছে।

চিকিৎসালয় খনত সংঘটিত অগ্নিকাণ্ডৰ এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে গোৱালপাৰাৰ জিলা উপায়ুক্তই ।

Related News