NORTHEAST NOW (Assamese)
Popular Stories

নতুন অভিলেখ গঢ়ি পৃথিৱীলৈ উভতিল নাছাৰ মহাকাশচাৰী ক্ৰিষ্টিনা কোচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2020 8:00 pm
NASA story

আমেৰিকান মহাকাশচাৰী ক্ৰিষ্টিনা কোচে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত একেৰাহে ৩২৮ দিন অতিবাহিত কৰাৰ নতুন অভিলেখ গঢ়ি বৃহস্পতিবাৰে পৃথিৱীলৈ উভতি আহে।

২০১৩ চনত নাছাত মহাকাশচাৰী হিচাপে অন্তৰ্ভূক্ত হোৱা উত্তৰ কেলিফ’ৰ্নিয়াৰ বাসিন্দা কোচে মহাকাশত মহিলা হিচাপে সৰ্বাধিক সময় কটোৱাৰ নতুন অভিলেখ স্থাপন কৰে।

দীঘলীয়া মহাকাশ বিমানযাত্ৰাত মহিলাৰ শৰীৰ কেনেদৰে মহাকাশীয় বিকিৰণৰ দ্বাৰা প্ৰভাৱিত হয় ধৰণৰ গৱেষণাৰ বাবে ক্ৰিষ্টিনাই দীৰ্ঘ সময়ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকে।

‘‘মহাকাশ ভ্ৰমণৰ বাবে মহিলাও পুৰুষৰ সমানে সক্ষম ক্ৰিষ্টিনাৰ দীঘলীয়া অভিযানে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে আৰু ভবিষ্যতে আমি মহাকাশলৈ মহিলা মহাকাশচাৰী পঠাম,’’ নাছাৰ প্ৰাক্তন বিজ্ঞানী লোৰি গাৰ্ভাৰে কয়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও টুইটাৰ যোগে মহাকাশচাৰী ক্ৰিষ্টিনাক সম্ভাষণ জনায়।

‘‘তুমি আদৰ্শৱান যুৱ মহিলা, তুমি আমেৰিকাক গৌৰৱান্বিত কৰিলা,’’ ট্ৰাম্পে টুইটাৰত লিখে।

উল্লেখযোগ্য যে, মহাকাশ কেন্দ্ৰত থকাৰ সময়ত কোচে অভিলেখ সংখ্যক সময়ৰ বাবে মহাকাশত খোজো কাঢ়ে।

সফল অভিযান সামৰি পৃথিৱীলৈ উভতি আহি আনন্দিত হৈ পৰে ক্ৰিষ্টিনা। তেওঁ সফলতাৰ বাবে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।