নাছাৰ চলি অহা পৰম্পৰা ৰক্ষা কৰিলে মহাকাশচাৰী শুভ্ৰাংশু শুক্লাই: উৰণৰ পূৰ্বে শুনিলে বলীউডৰ এইটো গান…

আজি বুধবাৰ (২৫ জুন), ভাৰতৰ বাবে এক গৌৰৱৰ দিন। ৪১ বছৰৰ পাছত এজন ভাৰতীয়ই মহাকাশ ভ্ৰমণ কৰিব। আজি দিনৰ ১২:০১ বজাত বায়ুসেনা গোটৰ কেপ্তেইন শুভ্ৰাংশু শুক্লাই সপোনৰ বিমান যাত্ৰা সম্পূৰ্ণ কৰে। শুভ্ৰাংশুৰ দেশপ্ৰেমৰ আভাস এই আজিৰ দিনটোতো দেখা গ’ল। জানিব পৰা মতে, মহাকাশ উৰণৰ আগতে তেওঁ ‘বন্দে মাতৰম’ গীতটো শুনে।
ভাৰতীয় বায়ুসেনাৰ গোটৰ কেপ্তেইন শুভ্ৰাংশু শুক্লাই ফেলকন-৯ ৰকেটত উঠিবলৈ আমেৰিকাৰ কেনেডি স্পেচ চেণ্টাৰত ৩৯-এ লঞ্চ পেডলৈ গৈ থকাৰ সময়তে তেওঁ ২০২৪ চনৰ হৃতিক ৰোশনে অভিনীত ‘ফাইটাৰ’ ছবিৰ ‘বন্দে মাতৰম’ গীতটো শুনিছিল, যিটো গীত নতুনকৈ ৰচনা কৰা হৈছে যদিও আৱেগেৰে ভৰপূৰ। এই গীতটো কেৱল সুৰ নহয়, শুভ্ৰাংশুৰ দেশপ্ৰেম আৰু আৱেগৰ সৈতেও জড়িত। গীতটোৰ কথা অনুসৰি—“ভাৰত সপোন নহয়, উৎসৱ। বিজয় আমাৰ তেজত আছে। আমাৰ ইমান শক্তি আছে যে আমাৰ শত্ৰুৱেও ইয়াক সন্মান কৰে।”
উল্লেখ্য যে, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ সুভাংশুৱে ২০০৬ চনত ভাৰতীয় বায়ুসেনাত যুঁজাৰু পাইলট হিচাপে যোগদান কৰে।তেওঁৰ পাইলটৰ অভিজ্ঞতা প্ৰায় ২০০০ ঘণ্টা, য’ত তেওঁ ছু-৩০ এম কে আই, মিগ-২১, জাগুয়াৰ, আৰু ডৰ্নিয়াৰকে ধৰি একাধিক যুদ্ধ বিমান উৰুৱাইছে। আৰম্ভণিৰে পৰাই শুবাংশুৱে নিজৰ কৰ্মত চৰম বুদ্ধিমত্তা প্ৰদৰ্শন কৰি আহিছে। আৰু এতিয়া তেওঁৰ বৰ্তমানৰ সহকৰ্মীসকলেও তেওঁক ‘অসাধাৰণ প্ৰতিভাশালী’ বুলি কয়।
শুভ্ৰাংশু শুক্লা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা।
এক্সিয়াম মিছন ৪ (এক্স-৪) অভিযানৰ নেতৃত্বত আছে নাছাৰ প্ৰবীণ মহাকাশচাৰী পেগী হুইটছন। শুভ্ৰাংশু শুক্লাৰ উপৰিও এই অভিযানত পোলেণ্ডৰ স্লাভোছ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুও আছে, যি দুয়োজনে মিছন বিশেষজ্ঞ হিচাপে অংশগ্ৰহণ কৰিছে।
এই অভিযানৰ সময়ত চাৰিজন মহাকাশচাৰীয়ে আই এছ এছত দুসপ্তাহ কটাব, য’ত তেওঁলোকে ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা কৰিব। ইয়াৰে ৭টা পৰীক্ষাৰ পৰিকল্পনা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ। ভাৰতৰ মহাকাশ অভিযানৰ ইতিহাসতে নহয়, বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰতো এয়া এক বৃহৎ পদক্ষেপ।