NORTHEAST NOW (Assamese)
Popular Stories

২০৩২ চনত চন্দ্ৰলৈ নামি আহিব পাৰে বিপদ: পৃথিৱীক লৈ নাছাৰ আশংকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2026 2:43 pm

“২০৩২ চন! সমাগত চন্দ্ৰৰ ‘মৃত্যু’? ইয়াৰ ফলত পৃথিৱীও হ’ব পাৰে বিপদাপন্ন।” এতিয়া আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ (NASA) আশংকা। যদিহে বিজ্ঞানীসকলে কৰা অনুমান সঁচা প্ৰমাণিত হয়, তেন্তে চন্দ্ৰত হ’বলগীয়া বিস্ফোৰণৰ মাত্ৰা হিৰোচিমাত হোৱা পাৰমাণৱিক বিস্ফোৰণতকৈ কমেও ৪০০ গুণ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।

চন্দ্ৰৰ পৰা সিঁচৰতি হৈ পৰা ধ্বংসাৱশেষে মহাকাশত থকা পৃথিৱীৰ বহুতো কৃত্ৰিম উপগ্ৰহৰ ক্ষতি সাধন কৰিব পাৰে। তাতকৈও ভয়ংকৰ কথাটো হ’ল, যদিহে এই গ্ৰহাণুটোৱে দিশ সলনি কৰি পৃথিৱীত খুন্দা মাৰে, তেন্তে তাৰ ফলাফল হ’ব কল্পনাতীত। এই সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি নাছাৰ বিজ্ঞানীসকলে মহাকাশতেই গ্ৰহাণুটোক ধ্বংস কৰাৰ পৰিকল্পনা হাতত লৈছে।

২০২৪ YR4 গ্ৰহাণু আৰু ইয়াৰ গতিপথ

বিজ্ঞানীসকলৰ মতে, ২০২৪ YR4 নামৰ এটা গ্ৰহাণু ধীৰে ধীৰে পৃথিৱীৰ কক্ষপথৰ ওচৰলৈ আগবাঢ়ি আহিছে। যোৱা বছৰ পোনপ্ৰথমবাৰৰ বাবে টেলিস্কোপত এই গ্ৰহাণুটো ধৰা পৰিছিল। শেহতীয়া পৰ্যবেক্ষণ অনুসৰি, যদিও ই পৃথিৱীত পোনপটীয়াকৈ খুন্দা মৰাৰ সম্ভাৱনা ক্ষীণ, তথাপিও ২০৩২ চনৰ ২২ ডিচেম্বৰত ই চন্দ্ৰত খুন্দা মৰাৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিব নোৱাৰি।

নাছাই আশংকা কৰিছে যে চন্দ্ৰত হ’বলগীয়া এই সংঘৰ্ষৰ ফলত মহাকাশত থকা উপগ্ৰহসমূহ ধ্বংস হ’ব পাৰে। গ্ৰহাণুটোৰ সঠিক আকাৰ এতিয়াও স্পষ্ট হোৱা নাই। অহা বছৰ যেতিয়া ই পৃথিৱীৰ অধিক ওচৰ চাপিব, তেতিয়া জেমছ ৱেব স্পেচ টেলিস্কোপৰ সহায়ত ইয়াক অধিক নিৰীক্ষণ কৰা হ’ব। তাৰ পিছতহে ইয়াক ধ্বংস কৰাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

নাছাৰ পৰিকল্পনা আৰু প্ৰত্যাহ্বান

নাছাই দাবী কৰা মতে, চন্দ্ৰত আঘাত কৰাৰ কমেও তিনি মাহ আগতেই গ্ৰহাণুটোক মহাকাশতে ধ্বংস কৰিব লাগিব। অন্যথা বিস্ফোৰণৰ বিৰূপ প্ৰভাৱ পৃথিৱীত পৰাৰ সম্ভাৱনা থাকিব। অৱশ্যে, মহাকাশৰ ইমান গভীৰতালৈ পাৰমাণৱিক অস্ত্ৰ প্ৰেৰণ কৰাটো কাৰিকৰী দিশৰ পৰা যথেষ্ট জটিল আৰু সংবেদনশীল বিষয়।

এই পৰিস্থিতিটোৱে ১৯৯৮ চনত মুক্তি লাভ কৰা হলিউডৰ বিখ্যাত ছবি ‘Armageddon’-ৰ কাহিনী সোঁৱৰাই দিয়ে। সেই ছবিখনত ব্ৰুচ উইলিছে মহাকাশত পাৰমাণৱিক বোমা ব্যৱহাৰ কৰি পৃথিৱীৰ দিশে আহি থকা এটা বিশাল গ্ৰহাণু ধ্বংস কৰিছিল। যি কাহিনী এদিন চিনেমাৰ পৰ্দাত সীমাবদ্ধ আছিল, সেয়া এতিয়া বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে।

উল্লেখ্য যে হিৰোচিমাত হোৱা পাৰমাণৱিক বিভীষিকা ইতিহাসৰ এক ক’লা অধ্যায়। বিজ্ঞানীসকলৰ মতে, যদি তেনে কোনো ঘটনাৰ পুনৰাবৃত্তি ঘটে, তেন্তে মানৱ সভ্যতা এক অভূতপূৰ্ব সংকটৰ মুখত পৰিব। সেইবাবেই নাছাই এই গ্ৰহাণুটোক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে।