NORTHEAST NOW (Assamese)

নাছাই প্ৰকাশ কৰিছে শংকা! পৃথিৱীত খুন্দা মাৰিব পাৰে এটা ‘বিপজ্জনক গ্ৰহাণু’ৱে

June 24, 2024 9:21 am · এন ই নাও নিউজ, গুৱাহাটী
ফাইল ফটোঃ সংগ্ৰহীত।

পৃথিৱীত সম্ভাৱ্য ‘বিপজ্জনক’ এটা গ্ৰহাণুৰ (asteroid) খুন্দা মৰাৰ সম্ভাৱনা ৭২ শতাংশ। ইয়াক প্ৰতিহত কৰিবলৈ এতিয়াও পৰ্যাপ্ত প্ৰস্তুতি হোৱা নাই। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ অনুমানভিত্তিক পৰ্যালোচনাত এনে তথ্য ওলাইছে বুলি এক প্ৰতিবেদনত দাবী কৰা হৈছে।

মহাকাশ সংস্থাটোৰ আনুষ্ঠানিক প্ৰতিবেদন অনুসৰি নাছাই চলিত বৰ্ষৰ এপ্ৰিল মাহত পৃথিৱী সুৰক্ষাৰ ওপৰত পঞ্চমটো দ্বিবাৰ্ষিক প্লেনেটাৰী ডিফেন্স ইন্টাৰ এজেন্সি টেবলেটপ এক্সাৰচাইজ অনুষ্ঠিত কৰিছিল।

স্থানীয় সময় অনুসৰি যোৱা বৃহস্পতিবাৰে (২০ জুন) মেৰিলেণ্ডৰ লৰেলত থকা নাছাৰ জনছ হপকিন্স এপ্লাইড ফিজিক্স লেবৰেটৰীত অনুষ্ঠিত আলোচনাৰ ফলাফল প্ৰকাশ কৰা হয়। নাছাৰ উপৰিও আমেৰিকাৰ বিভিন্ন চৰকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগীসকলৰ প্ৰায় এশজন প্ৰতিনিধি তাত উপস্থিত আছিল।

অদূৰ ভৱিষ্যতে কোনো উল্লেখযোগ্য গ্ৰহাণুৰ ভাবুকি নাথাকিলেও সম্ভাৱ্য বিপজ্জনক গ্ৰহাণুৰ ভাবুকিৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ বিশ্বৰ সকলো দেশৰ যৌথ পদক্ষেপৰ বিষয়টোৱে তাত গুৰুত্ব লাভ কৰে।

যৌথ পৰ্যালোচনা অনুসৰি এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা ৭২ শতাংশ। ১৪ বছৰৰ পাছত ২০৩৮ চনৰ ১২ জুলাইত ই পৃথিৱীত খুন্দা মাৰিব পাৰে। এনে পৰিস্থিতিত এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে একত্ৰিত পদক্ষেপ ল’বলৈ সকলো সংঘাতপূৰ্ণ জাতি-ৰাষ্ট্ৰৰ হাতত এতিয়াও প্ৰায় ১৪ বছৰ ৩ মাহ সময় আছে।

অৱশ্যে এই প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ পৰা গ্ৰহাণুটোৰ আকাৰ, গঠন আৰু দীৰ্ঘম্যাদী গতিপথ সঠিকভাৱে নিৰ্ণয় কৰিব পৰা নগ’ল বুলি নাছাই জনায়। 

Related News