NORTHEAST NOW (Assamese)
Popular Stories

মংগল গ্ৰহলৈ উৰিব হেলিকপ্টাৰ! ‘প্ৰিজাৰভেৰেঞ্চ ৰভাৰ’ৰ পাছত নাছাৰ নতুন সম্পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2021 10:01 am

পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ উৰিব নেকি বিমান?

হয়, এই বিষয়ে মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান ‘নাছা’ই চেষ্টা চলাই আছে!

এপ্ৰিলৰ প্ৰথমফালেই ‘ইনজিনুইটি মাৰ্চ হেলিকপ্টাৰ’ নামৰ বিমানখন মংগল গ্ৰহলৈ পৰীক্ষামূলক প্ৰেৰণ কৰোৱাৰ লক্ষ্যস্থিৰ কৰিছে নাছাই।

মঙলবাৰে নাছাই এই কথা প্ৰকাশ কৰিছে।

৩১ দিনৰ অন্তত বিমানখনে মংগলপৃষ্ঠত অৱতৰণ কৰিব।

বৰ্তমান, নাছাই ১৮ ফেব্ৰুৱাৰীত প্ৰেৰণ কৰা ‘প্ৰিজাৰভেৰেঞ্চ ৰভাৰ’খনে বিমানখনৰ অনুকূল পৰিৱেশৰ বাবে গ্ৰহটোৰ তথ্য সংগহ কৰি আছে।

নাছাৰ এই মিছনটোৰ মুখ্য অভিযন্তা বব বলৰামে জনোৱামতে, প্ৰথমে বিমানখনে সৰু এটুকুৰা কাপোৰ লৈ যাব।

১৯০৩ চনত ইংলেণ্ডৰ ৰাইট ব্ৰাদাৰছে সাজি উলিওৱা প্ৰথমখন আকাশীযানৰ এখনি পাংখাত কাপোৰটুকুৰা লগোৱা হ’ব।

পৃথিৱীত প্ৰথম উৰা ৰাইট ব্ৰাদাৰছৰ আকাশীযানখনৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে।

বিমানখন প্ৰস্তুত কৰোতে নাছাই খৰচ কৰিছে প্ৰায় ৮৫ মিলিয়ন ডলাৰ।