NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন ছহিদ দিৱস উদযাপন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 12, 2020 10:01 am

প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰাণ আহুতি দিয়া বনকৰ্মী সকলক স্মৰণ কৰাৰ উদ্দেশ্যে শুকুৰবাৰে দেশজুৰি উদযাপিত হয় বন ছহিদ দিৱস।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বন ছহিদ দিৱস পালন কৰা হয়৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত অৱস্থিত বন ছহিদ স্মৃতি উদ্যানত এই বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়৷

অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা বন ছহিদ সকলক উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা স্মৰণ কৰাৰ লগতে পুষ্পাঞ্জলিও জ্ঞাপন কৰা হয়৷ 

অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন ছহীদ সকলৰ পৰিয়ালক উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

এই অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ উপৰি সহকাৰী বন সংৰক্ষক আৰু বনাঞ্চলিক বিষয়াৰ লগতে বন-বিষয়া কৰ্মচাৰী উপস্থিত থাকে। 

ইফালে বন ছহিদ দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ মাননীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰে দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন ছহীদ বিকোদৰ বৰাৰ পৰিয়ালৰ সদস্যৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিৰ ব্যৱস্থাৰে বাৰ্তালাপ কৰে৷

উল্লেখ্য যে বিকোদৰ বৰাক কাৰ্মৰত অৱস্থতাতে গঁড়ৰে আক্ৰমণ কৰি নিহত কৰিছিল।